Advertisment

জিলা ভিত্তিক মাৰ্চয়েল আৰ্ট তথা কুংফু প্ৰতিযোগীতাত অংশগ্ৰহণ পদ্ম হাজৰিকাৰ

জিলা ভিত্তিক মাৰ্চয়েল আৰ্ট তথা কুংফু প্ৰতিযোগীতাত অংশগ্ৰহণ পদ্ম হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
জিলা ভিত্তিক মাৰ্চয়েল আৰ্ট তথা কুংফু  প্ৰতিযোগীতাত অংশগ্ৰহণ পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাচগাঁও একাডেমী খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় জিলা ভিত্তিক মাৰ্চিয়েল আৰ্ট তথা কুংফুৰ প্ৰতিযোগিতা৷ ৭ বছৰৰ পৰা ২০ বছৰৰ প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Advertisment

বিধায়ক গৰাকীয়ে কয় যে, টুপিয়া কুংফু একাডেমিয়ে ইয়াত এনেদৰে মাৰ্চিয়েল আৰ্ট তথা কুংফুৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰি প্ৰতিযোগীতা অনুষ্ঠিত কৰাটো এক মহান কাৰ্য৷ যিহেতু মাৰ্চিয়েল আৰ্ট অৰ্থাৎ কুংফু হৈছে আত্মৰক্ষাৰ এক উত্তম কৌশল৷ বিশেষকৈ যুৱতীসকলে মাৰ্চিয়েল আৰ্ট তথা কুংফুৰ জৰিয়তে নিজকে সুৰক্ষিত কৰিব পাৰে৷ যুৱকসকলৰ লগতে যুৱতীসকলকো এই (মাৰ্চিয়েল আৰ্ট)কুংফুৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ বিশেষভাৱে আহ্বান জনাই বিধায়ক পদ্ম হাজৰিকাই ৷

প্ৰতিযোগীতাখনৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে তেজপুৰৰ আৰক্ষী বিশেষ শাখাৰ পৰিদৰ্শক ব্লেক বেল্ট প্ৰাপ্ত প্ৰশান্ত বৰা আৰু নদুৱাৰ মহকুমা পশু চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° সুকুমাৰ মিশ্ৰই৷

গ্লোৱেল ইন্টাৰনেশ্ব্যনেল মাৰ্চিয়েল আৰ্ট ফেডাৰেশ্ব্যনৰ অধিনৰ টুপিয়া কুংফু একাডেমীৰ উদ্যোগত আয়োজিত শোনিতপুৰ জিলা ভিত্তিক কুংফু প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিনেশ ডেকাই৷ প্ৰতিযোগিতাখনৰ বিচাৰকৰ দ্বায়িত্ব গ্ৰহণ কৰি সু পৰিচালনা কৰে জ্যেষ্ঠ কুংফু প্ৰশিক্ষক নাৰায়ন শৰ্মা, সীমা নাৰায়ণ শৰ্মা, উদয় শৰ্মা আৰু প্ৰণৱ শৰ্মাই৷

Also Read: 'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

padma hazarika