/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/cigwfhpx/23.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আজি ভূমি পূঁজন আৰু লাইখুঁটা স্থাপন অনুষ্ঠান আয়োজন কৰা হয়। অসম চৰকাৰৰ দ্বাৰা আৱন্টিত ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা পূৰ্ণ বিদ্যালয় গৃহৰ লাইখুঁটা স্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰঙাচকুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বলিন বৰঠাকুৰ গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিজন্তা বিজয় শৰ্মা,কনিষ্ঠ অভিযন্তা সত্যন্ন হাজৰিকা, বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি জিত নেৱাৰ,আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি অজিত পায়েং,জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহাল,গাঁওপঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী হিমাদ্ৰী দেৱী আৰু জ্যেষ্ঠ বিজেপি নেতা ধনপতি কাফলেই ৷
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ ও বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ এক দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধান হোৱাৰ পথত ৷ এই বিদ্যালয়ৰ পূৰ্ণ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আগবঢ়োৱা পুঁজিৰে ১৭ টা শ্ৰেণী কোঠা, ৫টা লেৱৰেটৰী , ১ টা লাইব্ৰেৰী আৰু একোটাকৈ প্ৰিঞ্চিপাল আৰু ভাইচ প্ৰিঞ্চিপালৰ ৰুমৰ লগতে ৪ টাকৈ টয়লেট নিৰ্মাণ কৰা হব৷
বিধায়ক গৰাকীয়ে বিদ্যালয় গৃহ সমূহৰ নিৰ্মাণ কাৰ্য্য অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষ ও গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ প্ৰতি আহ্বান জনায়। লগতে কয় যে পূৰ্ণ বিদ্যালয়ৰ গৃহ সমূহৰ কাম শেষ হোৱাৰ পিছতেই অঞ্চলটোৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী ও অভিভাৱক সকলৰ বহু দিনীয়া সপোন বাস্তৱত ৰূপায়িত হব৷
Also Read: গৌৰৱ গগৈ আৰু প্ৰিয়াঙক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বিজেপিৰ