গৌৰৱ গগৈ আৰু প্ৰিয়াঙক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বিজেপিৰ

গৌৰৱ গগৈ আৰু প্ৰিয়াঙক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বিজেপিৰ

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈ আৰু প্ৰিয়াঙক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বিজেপিৰ

ডিজিটেল সংবাদ,যোৰহাটঃ অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰি কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ লগতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ প্ৰতিক্ৰিয়া অব্যাহত আছে।

Advertisment

শনিবাৰে যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট ষ্টেডিয়ামৰ পৰা নগৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়।

হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদত অংশগ্ৰহণ কৰে সাংসদ কামাখ্যা তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আদিয়ে।

Also Read: লাহৰীঘাটত সম জিলা শুভ উদ্বোধনঃ উপস্থিত মন্ত্ৰী কেশৱ মহন্ত

gaurav gogoi priyank kharge