নূন্যতম সমৰ্থন মূল্যৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

নূন্যতম সমৰ্থন মূল্যৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...
নূন্যতম সমৰ্থন মূল্যৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে অসমৰ কৃষকৰ পৰা ক্ৰয় কৰিব সৰিয়হ। প্ৰত্যক্ষ ভাৱে ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ পাছত এইবাৰ সৰিয়হ ক্ৰয়ৰ বাবে লোৱা সিদ্ধান্তই ৰাজ্যৰ কৃষকসকলক লাভাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰে সৰিয়হ ক্ৰয়ৰ বাবে নূন্যতম সমৰ্থন মূল্যও নিৰ্ধাৰণ কৰিছে। প্ৰতি কুইণ্টল সৰিয়হৰ বাবে ৰাজ্যচৰকাৰে কৃষকক প্ৰদান কৰিব ৫,৪৫০ টকা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি প্ৰতি কুইণ্টল সৰিয়হত বৰ্তমানৰ মূল্যতকৈ ১ হাজাৰ টকা অধিক লাভ কৰিব কৃষকসকলে।

আগন্তুক ১ টা সপ্তাহৰ ভিতৰত সাজু হৈ উঠিব এই সৰিয়হ ক্ৰয় কৰা কেন্দ্ৰসমূহ। তেওঁ লগতে উল্লেখ কৰে যে, ধান ক্ৰয় কৰা কেন্দ্ৰ সমূহতেই সৰিয়হো ক্ৰয় কৰা ব্যৱস্থা কৰা হ'ব।

আজি জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয়, ৰাজ্য চৰকাৰে ৫০ লাখ মেট্ৰিকটন সৰয়িহ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাজেটৰ বাবে ধাৰ্য কৰা হৈছে প্ৰয়োজনীয় পুঁজি। চৰকাৰে কৃষকসকলৰ পৰা সৰিয়হ ক্ৰয় কৰাৰ ৩ দিনৰ ভিতৰত বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰিব ধন। ইফালে সৰিয়হ খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনত কৃষকসকলক সৰিয়হৰ বীজ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নূন্যতম সমৰ্থিত মূল্যৰে ২০২২-২৩ বৰ্ষত ৰাজ্যৰ কৃষকৰ পৰা বৰ্তমানলৈকে ৫ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে। প্ৰতি কুইণ্টল ধানৰ বিনিময়ত কৃষিকক নূন্যতম সমৰ্থিত মূল্য ২ হাজাৰ ৪০ টকা প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ৫২ হাজাৰৰো অধিক কৃষক উপকৃত হৈছে বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে।

নূন্যতম সমৰ্থন মূল্যৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...
লামডিং-লংকা ৰাষ্ট্ৰীয় ঘাইপথত ১৪ টা গৰু জব্দঃ ৫ জনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in