/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a40174aa-24f5-4ccf-a331-4ce649296c2d/268.jpg)
ডিজিটেল সংবাদ,ৰহা : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত সাফল্য ৰহাৰ দিঘলীআটিৰ অমৃত হেতাৰীৰ। সৰ্বভাৰতীয় পৰ্যায়ত সোনৰ পদক লাভেৰে ৰহাৰ লগতে সমগ্ৰ অসমলৈ অমৃতে কঢ়িয়াই আনিছে আশাৰ বতৰা।
দেশৰ ৰাজধানী নতুন দিল্লীৰ তালকাটৰা ইনদ'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সদৌ ভাৰত কাৰাটে প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰে হেতাৰীয়ে। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ঘৰ ৰহাৰ দিঘলীআটিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/403c4886-3180-4930-9576-961719c1a17c/c6a6490f_d2f5_4188_9487_e30098d40b16.jpg)
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত খেলখনত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰতিটো ইভেন্টত জয় কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় অমৃত হেতাৰীয়ে। ১৪ বছৰীয়া অমৃতৰ এই সাফল্যত গৌৰাম্বিত হৈ পৰিছে ৰহাবাসী। অমৃতৰ এই সফলতাক লৈ যথেষ্ট সুখী পৰিয়াল।
Also Read: ইংলেণ্ডৰ বলাৰৰ সন্মুখত ভাৰতৰ অনভিজ্ঞ বেটাৰৰ অগ্নিপৰীক্ষা : অভিষেক ঘটিব ছৰফৰাজ-জুৰেলৰ