প্ৰতিদিন টাইমৰ বীৰেন বৰালৈ সফল সাংবাদিকতাৰ বঁটা

প্ৰতিদিন টাইমৰ বীৰেন বৰালৈ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা

author-image
Asomiya Pratidin
New Update
প্ৰতিদিন টাইমৰ বীৰেন বৰালৈ সফল সাংবাদিকতাৰ বঁটা

ডিজিটেল সংবাদ,নগাঁও : প্ৰতিদিন টাইমৰ মধ্য অসমৰ ব্যুৰ চীফ বীৰেন বৰালৈ "নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা" প্ৰদান কৰা হৈছে। ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ‌ই নগাঁৱৰ বঢ়মপুৰৰ চলচলি বিৰহী গাওঁ ন-বাট তিনিআলিত আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত সাংবাদিকগৰাকীক প্ৰদান কৰে এই বঁটা।

উল্লেখ্য যে সাংবাদিক বীৰেন বৰাই সাংবাদিকতাৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ‌ই এই বঁটা প্ৰদান কৰে সাংবাদিকগৰাকীক। বঁটাগ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে অনুষ্ঠানটোৰ শলাগ লয়।

Also Read: মণিপুৰত উগ্ৰপন্থীৰ গুলীবৰ্ষণ : দুই চি আৰ পি এফ জোৱান নিহত

pratidin time award journalist