জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত নিহত এজন...

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল গঁড়টো
জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত নিহত এজন...
জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত নিহত এজন...

ডিজিটেল সংবাদ জামগুৰিহাটঃ জামুগুৰিহাটত পুৱাই সংঘটিত হ'ল এক কৰুণ তথা চাঞ্চল্যকৰ ঘটনা। কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত নিহত হ'ল এজন লোক।

জানিব পৰা মতে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ ৪ নং চিৰুৱানীত সংঘটিত হৈছে এই ঘটনা। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা গঁড়ে অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল।

এই গঁড়টোৱেই পৰৱৰ্তী সময়ত আক্ৰমণ কৰে আফাজুল হক নামৰ ২৩ বছৰীয়া যুৱকজনক। এতিয়াও এই গঁড়টোৱে উক্ত অঞ্চলত মুক্ত বিচৰণ কৰি আছে। শীঘ্ৰেই এই গঁড়টোক বনাঞ্চললৈ ঘূৰাই নপঠিয়ালে পুনৰ এইদৰে মানুহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা নথকা নহয়। স্থানীয় লোকৰ বন বিভাগলৈ আহ্বান শীঘ্ৰেই গঁড়টোক বনাঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে।

জামুগুৰিহাটত গঁড়ৰ আক্ৰমণত নিহত এজন...
চন্দন ব্ৰহ্মই এৰিলে বিপিএফঃ ১২ এপ্ৰিলত যোগদান কৰিব বিজেপিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in