Advertisment

চন্দন ব্ৰহ্মই এৰিলে বিপিএফঃ ১২ এপ্ৰিলত যোগদান কৰিব ইউ পি পি এলত...

হাগ্ৰামা মহিলাৰীৰ কটাক্ষ হেনো তেওঁৰ বাবে আশীৰ্বাদ

author-image
Asomiya Pratidin
New Update
চন্দন ব্ৰহ্মই এৰিলে বিপিএফঃ ১২ এপ্ৰিলত যোগদান কৰিব ইউ পি পি এলত...

চন্দন ব্ৰহ্মই এৰিলে বিপিএফঃ ১২ এপ্ৰিলত যোগদান কৰিব ইউ পি পি এলত...

ডিজিটেল সংবাদ চিৰাংঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বড়োভূমিৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে প্ৰাক্তন বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুনৰ সক্ৰিয় ৰাজনৈতীত খোজ। এক দীঘলীয়া সময় সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থকা বি পি এফ দলৰ একালৰ এগৰাকী শক্তিশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত পুনৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Advertisment

আজি চিৰাঙৰ চাপাগুৰী স্থিত হোটেল ছিগনেটত এক সাংবাদিক মেল সম্বোধন কৰি অহা ১২ এপ্ৰিলত কাজলগাঁৱত এক বিশাল জনসভাত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কথা ঘোষণা কৰে। সেই দিনা চন্দন ব্ৰহ্মৰ সৈতে বহুকেইটা জাতীয় দল, সংগঠনৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰিব বুলি এই সংবাদ মেলতেই জনাইছে ব্ৰহ্মই।

দীঘলীয়া সময় ৰাজনীতিৰ পৰা আঁতৰত থকাৰ কাৰণ সন্দৰ্ভত বিশেষ মন্তব্য নকৰিলেও তেওঁ ৰাজনীতিৰ পৰা জিৰণী লোৱাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰে । ইউ পি পি এল দলত যোগদান কৰাৰ আৰঁত পূৰ্বৰ ৰাজনৈতিক দল বা নেতা কাৰো প্ৰতি তেখেতৰ কোনো আক্ষেপ বা অভিযোগ নাই। কেবল সময়ৰ আহ্বানত তেওঁ প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউ পি পি এল দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

আজি তেখেতে আনুষ্ঠানিকভাবে বিপিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে। ইপিনে দেওবাৰে দিনটোত হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্মক মন্ত্ৰী হ'ব আৰু বি পি এফৰ পৰা বান্দৰ মিঞা যাব, সুন্দৰ মিঞা আহিব বুলি কটাক্ষ কৰিছিল। এই সন্দৰ্ভত প্ৰশ্ন কৰাত চন্দন ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত কয়, হাগ্ৰামা মহিলাৰীয়ে মোৰ সন্দৰ্ভত যিবোৰ মন্তব্য কৰে সেইবোৰ মই ভাল পাওঁ আৰু তেখেতৰ এইবোৰ কথা মোৰ বাবে আশীৰ্বাদ।

Also Read: নিৰ্বাচন আয়োগৰ সেউজ সংকেতঃ ২৩০৬খন বিহু কমিটীলৈ ভাল খবৰ...

বি পি এফ ইউ পি পি এল