/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a41ac0ab-d259-4ff1-8b1c-1f6c246f8c7a/JYOTI_BHARATI_22.jpg)
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ জ্যোতি ভাৰতীৰ সভাগৃহত কৰ্মশালা...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ তেজপুৰ নগৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী(পকী)ৰ সভাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ত শাৰীৰিক শাস্তি নিৰ্মূল আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কাৰ্যসূচীৰ অংশ হিচাপে লাচিত যুৱ বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জিলা শিশু সুৰক্ষা গোট, শোণিতপুৰৰ কৰ্মকৰ্তা হৰ্ষ জ্যোতি ফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8fccd665-a859-439d-a701-c97c0cd7c042/71835ccd_8c72_4044_accf_49362aa07dd7.jpg)
কৰ্মশালাত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি আৰক্ষী বিষয়া সীমা বৰা আৰু হৰ্ষ জ্যোতি ফুকনে নিজৰ ভাষণত কয়, যদি শিশুসকলৰ কোনোধৰণৰ হিংসা বা নিৰ্যাতনৰ বলি হয় এই ঘটনাই সমগ্ৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলায়। সেইকাৰণে এনেধৰণৰ হিংসাৰ কৱলৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা মানেই হৈছে এখন বৃহৎ সমাজক সুৰক্ষা প্ৰদান কৰা।
লাচিত যুৱ বিকাশ কেন্দ্ৰৰ কৰ্মকৰ্তা ইন্দ্ৰজিৎ ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটিত নাট্যকাৰ পৰিচালক অভিনেতা ৰাজীৱ বৰঠাকুৰে কয়- শিশুৰ অধিকাৰসমূহ অধিক গুৰুত্বপূৰ্ণ। এই অধিকাৰে শিক্ষা, খেল- ধেমালি, শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য সকলোকে সামৰি লয়। সেয়েহে সঁচা অৰ্থত প্ৰতিটো শিশুৱে এই অধিকাৰসমূহ লাভ কৰাটো প্ৰয়োজন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2786f0b0-cf31-45a6-9369-86ac95b164e9/a16e4609_2477_459d_8b2c_c4196316d2f3.jpg)
শেষত জেষ্ঠ সাংবাদিক তথা জীৱন কৌশল(Life skills)ৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই চাইবাৰ সুৰক্ষা(cyber security) বিষয়ত বক্তৃতা প্ৰদান কৰি ডিজিটেল ফুটপ্ৰিন্ট, পাছৱৰ্ড আদিৰ বিশ্লেষণ কৰাৰ লগতে চাইবাৰ অপৰাধসমূহ যে কেৱল অৰ্থনৈতিক অপৰাধতে সীমাবদ্ধ নহয়, বৰ্তমান শিশুসকলেও ক্ৰমান্বয়ে অনলাইন উৎপীড়নৰ সন্মুখীন হৈছে সেই কথাৰ ব্যাখ্যা কৰে। তেওঁ অভিভাৱকৰ নিৰ্দেশনা আৰু তত্ত্বাৱধানৰ অভাভৱত শিশুসকল ক্ৰমান্বয়ে বিভিন্ন চাইবাৰ উৎপীড়কৰ উৎপীড়নৰ সন্মুখীন হৈছে বুলিও মন্তব্য কৰে।
জিলা পৰ্য্যায়ত অনুষ্ঠিত কৰ্মশালা খনিত শোণিতপুৰ জিলাৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/de68541a-1036-40e5-9d3d-1c621d38c8f7/6956c7a5_aed1_45e6_ac27_afcac313ad8a.jpg)