লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...

পুৱতি নিশা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালৰ আক্ৰমণত আহত হৈছিল গৃহৰক্ষী জোৱান
লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...
লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ লামডিংঃ ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ। ড্ৰাগছ সৰবৰাহাকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে আত্ম ৰক্ষাৰ বাবে আৰক্ষীয়ে চলাবলগীয়া হয় গুলী।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশা ড্ৰাগছ বিৰোধী অভিযানলৈ ওলাই গৈছিল লামডিং আৰক্ষী। আৰক্ষীৰ লক্ষ্য আছিল লামডিং আই অ' চিৰ সমীপতে থকা আবুল আলীৰ বাসগৃহ।

অভিযোগ অনুসৰি আবুল আলী ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত। এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক পুৱতি নিশা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়তে পৰিয়ালৰ লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষীৰ দলটোক।

ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰিয়ালৰ আক্ৰমণত আহত হয় প্ৰণৱ পাঠন নামৰ এজন গৃহৰক্ষী জোৱান। তাৰ মাজতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে আবুল আলী।

ইয়াৰ পিছতে আজি সন্ধিয়াৰ ভাগত পুনৰ আৰক্ষীয়ে আবুলী আলীৰ সন্ধানত অভিযান চলাই। গুৰ বস্তীৰ চেগুন বাগানত চলোৱা এই অভিযানতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় আবুল আলী। জানিব পৰা মতে আবুল আলীৰ বাওঁ ভৰিৰ আঠুৰ তলত লাগিছে আৰক্ষীৰ গুলী।

ঘটনাৰ পাছতে আৰক্ষীয়ে আবুল আলীক লামডিং অসামৰিক চিভিল হাস্পতালত ভৰ্তি কৰাইছে।

লামডিং আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী...
জামুগুৰিহাটত সুদ খোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in