/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/017fa043-5636-4a1a-9d6d-798b62f6c080/z21.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ: নাৰ্বাডৰ উদ্যোগত আৰু বিশ্বনাথৰ স্বেচ্ছাসেৱী সংগঠন কেডেটৰ সহযোগত বিশ্বনাথৰ কয়লাজুলিৰ বজাৰ গৃহৰ কাম সম্পূৰ্ণ হোৱাত শনিবাৰে পকী বজাৰ গৃহটিৰ শুভ উদ্বোধন কৰা হয়৷ বজাৰ গৃহটি নাৰ্বাডৰ মহা প্ৰৱন্ধক নবীন ৰয়ে শুভ উদ্বোধন কৰে৷
ইতিমধ্যে ১৮,৬৪,৪০০ টকাৰ ব্যয় সাপেক্ষে এই বজাৰ গৃহটি নাৰ্বাডৰ উদ্যোগত পকীকৰণ কৰি এই পকী বজাৰ গূহটি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হয়৷ আনহাতে মিলেটৰ উৎপাদিত সামগ্ৰী সমূহো এই বজাৰ গূহতে মুকলি কৰা হয়৷
অসম অৰুণাচলৰ ভিতৰুৱা অঞ্চলৰ লোকসকল এই বজাৰ গৃহৰ দ্বাৰা উপকৃত হ'ব বুলি কয়লাজুলি অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। লগতে পকী বজাৰ গূহৰ অভাৱ দূৰ কৰাত স্থানীয় ৰাইজে নাৰ্বাড আৰু কেডেটৰ শলাগ লয়৷
এই বজাৰত অঞ্চলটোৰ উৎপাদিত সকলো থলুৱা সামগ্ৰী বিক্ৰী কৰিব পাৰিব বাৰে স্থানীয় ৰাইজ আনন্দিত হৈ পৰে৷ উক্ত কাৰ্যসূচীত নাৰ্বাডৰ মহা প্ৰৱন্ধক নবীন ৰয়, জিলা প্ৰৱন্ধক সুমন চেৰ্টাজী ,বিশ্বনাথৰ কূষি মহাবিদ্যালয়ৰ বিজ্ঞানী ড° পল্লৱ কুমাৰ শৰ্মা, বিশ্বনাথ জিলা পৰিষদৰ উপ-সভানেত্ৰী গায়ত্ৰী কুৰ্মী ওপৰিও বহু কেইজন গন্যমাণ্য ব্যক্তি উপস্থিত থাকে ৷
Also Read: সুৰাৰ সৰবৰাহ কৰি ধৰা পৰিল নাবালক