Advertisment

ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত নতুন হিৰো ডিলাৰ মুকলি

ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত নতুন হিৰো ডিলাৰ মুকলি

author-image
Asomiya Pratidin
New Update
ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত নতুন হিৰো ডিলাৰ মুকলি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত বুধবাৰে এটা হিৰো বাইক ডিলাৰ মুকলি কৰা হয়৷ ৰঙাচুকৰ বন্ধন বেংকৰ তলৰ মহলাত নতুনকৈ মুকলি কৰা হয় “মাইকন অটমবাইলচ” নামৰ হিৰো বাইক ডিলাৰটো।

Advertisment

এই ডিলাৰটোৰ জৰিয়তে মৰিসুতি, বালিজুৰি, এজাৰগুৰি, বৰদিকৰাই, টুপিয়া, টৌভঙা আদিকে ধৰি ভিতৰুৱা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে ডিলাৰ কৰ্তৃপক্ষয়।লগতে “মাইকন অটমোবাইলচ” ডিলাৰৰ পৰা পুৰণি বাইক সলনি কৰি নতুন বাইক লোৱাৰ সুযোগ লাভ কৰিব বুলিও জানিবলৈ দিয়ে ডিলাৰ কৰ্তৃপক্ষয়৷

বিশেষকৈ শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে হিৰো কোম্পানীৰ তৰফৰ পৰা আগবঢ়োৱা বিভিন্ন আকৰ্ষণীয় অফাৰ সমূহো গ্ৰাহকসকলে লাভ কৰিব পাৰিব বুলি জানিবলৈ দিছে হিৰো কোম্পানীৰ বিষয়া কৰ্মচাৰী তথা উদ্যোক্তাসকলে৷

Also Read: উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীত শ্ৰেষ্ঠ অসম

hero dealer