
ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰতে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ ক্ষেত্ৰখনত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ বাবে অসমক সন্মানিত কৰা হয়। মঙলবাৰে নতুন দিল্লীস্থিত ডি আৰ ডি অ'ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কনক্লেভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালিকা ডাঃ এম এছ লক্ষ্মী প্রিয়া, আই এ এছ যে এই বঁটা গ্ৰহণ কৰে।
অসমৰ মাননী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই বঁটা লাভ কৰাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই বঁটা প্ৰাপ্তিয়ে ৰাজ্যখনৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কৰা অক্লান্ত প্রচেষ্টাক স্বীকৃতি প্ৰদান কৰিছে।