বিশ্বনাথত দুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধ্বংস

বিশ্বনাথত দুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধ্বংস

ডিজিটেল সংবাদ, বিহালী: ক্ৰমাৎ আধুনিকতাৰ পৰা উত্তৰ আধুনিকতাত গঢ়লৈ উঠা যান্ত্ৰিকতাৰ ফলত পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰতি সংকট নামি আহিছে৷ যান্ত্ৰিক পৃথিৱীৰ প্ৰযুক্তি বিপ্লৱৰ ফলত পৃথিৱীৰ পৰিৱেশ ভাৰাসাম্যৰ ওপৰিও জীৱকূলৰ প্ৰতি নামি আহিছে মহাসংকট৷

ফলস্বৰূপে, বিশ্বসমুদায়ে প্ৰকৃতি তথা পাৰিপাৰ্শ্বিক ভাৰাসাম্য অনুকূলে ৰাখিৱলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰিও প্ৰকৃতিৰ অনৱদ্য উপহাৰ স্বৰূপ চৰাই-চিৰিকটি, গছ-গছনি ইত্যাদি সংৰক্ষণ আৰু সংবৰ্দ্ধনত ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে বিশ্বনাথত দুষ্প্রাপ্য বৰটোকোলা চৰাইক গৃহহীন কৰাৰ ওপৰিও বৰটোকোলা চৰাইৰ পোৱালি মৃত্যুৰ গুৰুতৰ অভিযোগ উঠিছে৷

প্ৰাপ্তমতে, বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াৰ পুৰণি এচবিআই(SBI)ৰ সমীপৰ সম্ভ্ৰান্ত অঞ্চল হিচাপে পৰিচিত কোঁচগাওঁৰ এক এলেকাৰ কেইজোপামান গছত দীৰ্ঘদিনৰে পৰা প্ৰায় ২০ টামান অতিদুষ্প্রাপ্য বৰটোকোলা চৰাইৱে বসবাস কৰি আহিছিল৷ অতিবৰ্তমান সময়ত বৰটোকোলা কেইটাৰ পোৱালি পৰ্যন্ত আছিল গছ কেইজোপাত৷ যি তথ্য পুৱ শোণিতপুৰ বন সংমণ্ডলৰ হাতত মজুত আছিল বাবে বন বিভাগে অঞ্চলটোৰ গছকেইজোপা কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি থৈছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে , যিসময়ত বৰটোকোলা চৰাই পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ পথলৈ গতি কৰিছে সেইসময়তে অতিদুষ্প্রাপ্য বৰটোকোলা চৰাই কেইটা বসবাস কৰা বাসস্থলী হিচাপে পৰিগণিত গছকেইজোপা কোন সম্ভ্ৰান্ত দুস্কৃতিকাৰীয়ে কাটি তহিলং কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ফলত দুষ্প্রাপ্য বৰটোকোলা চৰাই কেইটাৰ বাসস্থলী হেৰুৱাৰ ওপৰিও উৰিব নোৱাৰা পোৱালী কেইটাৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷

উল্লেখ যে দীৰ্ঘদিনৰে পৰা বিশ্বনাথৰ কেইজনমান পক্ষী গৱেষক ছাত্ৰই বিশ্বনাথ চাৰিআলিৰ কোঁচগাওঁৰ এলেকাত বসবাস কৰা বৰটোকোলা চৰাই কেইটা নিৰক্ষীণ কৰি থকাৰ ওপৰিও সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়ন-গৱেষণা অব্যাহত ৰাখিছিল৷ গৱেষক ছাত্ৰ দলটোৰ অন্যতম বিহালীৰ নাচবৰৰ ছাত্ৰ প্ৰণয় মহন্তই সদৰি কৰা তথ্যমতে, বিশ্বনাথ চাৰআলিৰ মাজমজিয়া কোঁচগাওঁ এলেকাত দুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী হিচাপে গঢ়লৈ উঠাটো এক সুখকৰ বাৰ্তা আছিল যদিও বিগত ৬ দিনমানৰ পূৰ্বে কোনো দুস্কৃতিকাৰীয়ে বৰটোকোলা চৰাই বসবাস কৰা গছ কেইজোপা কাটি পেলোৱাত বৰটোকোলা চৰাই কেইটা গৃহহীন হৈ পৰি উক্ত এলেকাৰ পৰা আঁতৰি গ'ল।

কিন্তু গছ কেইজোপা কাটি ধ্বংস কৰাৰ ফলত উৰিব নোৱাৰা বৰটোকোলা চৰাইৰ পোৱালি কেইটাৰ অপমৃত্যু যে হ'ল সেইয়া নিশ্চিত৷ দুষ্প্রাপ্য বৰটোকোলা চৰাই কেইটা বসবাস কৰিব পৰা উপযুক্ত গছ কেইজোপা কটাৰ ক্ষেত্ৰত বন বিভাগে কঠোৰ নিষেধাজ্ঞা জাৰি কৰি ৰাখিছিল৷ তাৰপিছতো এনেদৰে প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই পথত থকা দুষ্প্রাপ্য চৰাইৰ বাসস্থলী ধ্বংস কাৰী চক্ৰটোৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ দাবী কৰি যোৱা ৩০ অক্টোবৰ তাৰিখে গৱেষক প্ৰণয় মহন্তই বিশ্বনাথ জিলা আয়ুক্তলৈ এক স্মাৰকপত্ৰ প্ৰেড়ণ কৰিছে ৷

প্ৰণিধানযোগ্য যে, সংকটৰ গৰাহত পৰা অতিদুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধ্বংস কৰাৰ লগতে উৰবি নোৱাৰা বৰটোকোলা চৰাই পোৱালীক মৃত্যুমূখত পেলোৱা দুস্কৃতিকাৰী চক্ৰটোৰ বিৰূদ্ধে বিশ্বনাথ জিলা প্ৰশাসন ,পুৱ শোণিতপুৰ বন সংমণ্ডলৰ বিষয়াই কেনেধৰণৰ আইনী পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত স্পষ্ট হ'ব ৷

উল্লেখ যে, দুস্পাপ্য বৰটোকোলা চৰাই ভাৰতবৰ্ষৰ অসম আৰু বিহাৰত উপলব্ধ তেনেক্ষেত্ৰত বিশ্বনাথ জিলাৰ মাজমজিয়াত দুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধ্বংৰ কৰি গৃহহীন কৰাৰ লগতে উৰিব নোৱাৰা পক্ষীৰ পোৱালি কেইটাৰ মৃত্যু ঘটাৰ পৰিকল্পনা কৰা চক্ৰটোৰ বিৰূদ্ধে ৱাল্ড লাইফ প্ৰটেকশ্ব'ন এক্ট অনুসৰি কঠোৰ আইনী প্ৰক্ৰিয়া গ্ৰহণৰ দাবী উঠিছে ৷

বিশ্বনাথত দুষ্প্রাপ্য বৰটোকোলা চৰাইৰ বাসস্থলী ধ্বংস
ইডিৰ জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in