ভোট জলকীয়া,ড্ৰেগন ফল আদিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নয়ন গয়াৰী আৰু বিমল নাৰ্জাৰীয়ে

ভোট জলকীয়া,ড্ৰেগন ফল আদিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নয়ন গয়াৰী আৰু বিমল নাৰ্জাৰীয়ে

ডিজিটেল সংবাদ,জামুগুৰিহাট : কৰ্মস্পৃহা,মানসিকভাৱে সবল আৰু দৃঢ় মনৰ গৰাকী হ'লেই যিকেনো কাম যে অনায়াসে কৰিব পাৰি এই কথাকে প্ৰতিপন্ন কৰিছে নদুৱাৰ অঞ্চলৰ অৰুণাচল সীমান্তৰ একাংশ কৃষকে। কৰ্মই আমাৰ ধৰ্ম এই বাণীকে সৰোগত কৰি এতিয়া আৰ্থিকভাৱে স্ব-নিৰ্ভৰশীল হৈ উঠিছে নয়ন গয়াৰী আৰু বিপুল নাৰ্জাৰী।

অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ প্ৰায় ১৬ বিঘা নিজৰ বাৰী মাটিত অতি কম টকা বিনিয়োগৰে খেতি কৰি বছৰি কেইবালক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী কৃষকে। উল্লেখ্য যে দুয়োৰে ঘৰ হৈছে- চেৰফাংৰগুৰিৰ নয়ন গয়াৰী আৰু আন্থাই বাৰীৰ বিমল নাৰ্জাৰী।

বছৰৰ প্ৰতিটো বতৰত বিভিন্ন ধৰণৰ খেতি কৰি নিজৰ লগতে আন দহজন নিৱনুৱাক কৃষিকৰ্মৰ আত্ম নিৰ্ভৰশীল হ'বলৈ শিকাইছে দুই সফল যুৱ কৃষকে । সময় অনুসৰি বিভিন্ন প্ৰজাতিৰ জলকীয়াৰ খেতি কৰাৰ উপৰিও ঋতু অনুসৰি শাক পাচলিৰ খেতি কৰি বৃহত্তৰ নদুৱাৰ অঞ্চলৰ বজাৰসমূহৰ লগতে জিলাখনৰো বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

'পথাৰ আমাৰ বজাৰ আমাৰ' এই বাণীৰে আগবঢ়া দুয়োগৰাকী উদ্যমী যুৱ কৃষকে প্ৰথম অৱস্থাত প্ৰতি কেজি ভোটজলকীয়া ৫৫০ টকাৰ পৰা ৬০০ টকা পৰ্যন্ত দৰত বজাৰত বিক্ৰী কৰি কেইবালক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত অৱশ্যে ভোট জলকীয়াৰ দাম কমি যোৱাৰ বাবে বৰ্তমান বজাৰত প্ৰতি কেজি ২৫০ টকাৰ পৰা ৩০০ টকা দৰত বিক্ৰী কৰি হ'লেও আৰ্থিকভাৱে লাভৱান হৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ।

পৰৱৰ্তী সময়ত দুই যুৱ কৃষকে প্ৰায় ১২ বিঘা ভূমিত উন্নত প্ৰজাতিৰ তৰমুজৰ খেতি কৰাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জনাইছে যুৱ কৃষক নয়ন নাৰ্জাৰীয়ে । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰু দিনে-নিশাই একাত্মভাৱে কঠোৰ পৰিশ্ৰম কৰি কৃষিকৰ্মত মনোনিৱেশ কৰি অহা দুই যুৱ কৃষকে চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা কিঞ্চিত হ'লেও সহযোগ আজিৰ তাৰিখত লাভ কৰাৰ কথা সদৰি কৰে।

উল্লেখযোগ্য যে এই দুইগৰাকী যুৱ কৃষকৰ দ্বাৰা উৎপাদিত ভোট জলকীয়া আৰু সূৰ্য্যমুখী জলকীয়া সমগ্ৰ এচিয়া মহাদেশৰ ভিতৰতেই জ্বলা বুলি ইতিমধ্যেই বিবেচিত হৈছে । অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা যদি এই সকল কৃষকক পানী যোগানৰ উপৰিও অন্যান্য সা সুবিধা প্ৰদান কৰে তেন্তে এওলোকে কৃষি কৰ্মত আৰু অধিক আগবাঢ়ি যোৱাটো নিশ্চিত ।

ভোট জলকীয়া,ড্ৰেগন ফল আদিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নয়ন গয়াৰী আৰু বিমল নাৰ্জাৰীয়ে
অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in