তেজপুৰ চহৰত জধেমধে পুতিছে প্ৰাকৃতিক জলাশয়ঃ নিৰ্বিকাৰ প্ৰশাসন...

তেজপুৰ চহৰত জধেমধে পুতিছে প্ৰাকৃতিক জলাশয়ঃ নিৰ্বিকাৰ প্ৰশাসন...

author-image
Asomiya Pratidin
New Update
তেজপুৰ চহৰত জধেমধে পুতিছে প্ৰাকৃতিক জলাশয়ঃ নিৰ্বিকাৰ প্ৰশাসন...

তেজপুৰ চহৰত জধেমধে পুতিছে প্ৰাকৃতিক জলাশয়ঃ নিৰ্বিকাৰ প্ৰশাসন...

ডিজিটেল সংবাদ তেজপুৰঃ অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ দুৰ্নীতিপৰায়ন বিষয়া ,কৰ্মচাৰীৰ ছত্ৰছায়াত বিগত দিন ধৰি তেজপুৰত বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হৈ আহিছে। এনে সময়তে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত কেকোৰাপুলত থকা প্ৰাকৃতিক জলাশয়ৰ মাজত জধেমধে কংক্ৰিটৰ নিৰ্মাণকাৰ্য চলি থকাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগ মতে কোনো লোকে কেকোৰাপুলৰ পৰা কটনৰোড সংযোগী পথৰ কাষতে থকা জলাশয়ৰ ভূমি মাটিৰে পুতি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । এইক্ষেত্ৰত কেইদিনমানৰ পূৰ্বে ৰাইজৰ অভিযোগৰ পিছতে পৌৰসভাই এক নিৰ্দেশ যোগে মাটি পেলোৱাৰ কাম বন্ধ কৰি দিছিল ।

কিন্ত ইয়াৰ পিছতো লোকনিৰ্মাণ বিভাগৰ কালভাৰ্টৰ সন্মুখতে নিৰ্মাণকাৰ্য চলাই থকা ৰাইজৰ পৰিলক্ষিত হৈছে ।

Also Read: ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ফিল্ড হাস্পতাল স্থাপন কৰিব ভাৰতীয় সেনাই...

তেজপুৰ