/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/26a5d3a9-165b-41ff-a22d-9b14d972e0ae/69.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : আজি শিল্পী দিৱস। ১৯৫৩ চনৰ পৰা প্ৰতি বছৰে ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে "শিল্পী দিৱস" উদ্যাপন কৰি আহিছে অসমবাসীয়ে। মহান মনিষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উপলক্ষে আজি পুৱাৰ পৰাই বটদ্ৰৱাৰ ৰাইডঙীয়াত অনুষ্ঠিত হৈছে সাংস্কৃতিক কাৰ্যসূচী।
ৰংমন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱস কাৰ্যসূচী অনুসৰি পুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰংমন সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা পম্পী বৰদলৈয়ে। লগে লগে ৰংমন সাংস্কৃতিক গোষ্ঠীৰ উদীয়মান শিল্পী দিক্ষিত বৰদলৈৰ পৰিচালনাত উদ্দীত বৰুৱা, জ্যোতি কমল বৰা, বিৰাজ কলিতা, পৰিণীতা ৰাজা, প্ৰেমানন্দ দাস, ৠতুমনি বৰা, বিতুমনি কলিতা, চয়নিকা বৰা, কংকনা হাজৰিকা, গাৰ্গী কাকতি, ভাৰ্বী শইকীয়া, ৰস্মি বৰাই পৰিবেশন কৰা গীত মাত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছত সাংস্কৃতিক কৰ্মী শংকৰজ্যোতি শৰ্মাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ ওপৰত ভাষণ প্ৰদান কৰে।