গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ডিজিটেল সংবাদ, ছয়দুৱাৰ : সংবাদ মাধ্যম সমাজৰ দাপোন স্বৰূপ। প্ৰকৃত সমাজ গঠনত সংবাদ মাধ্যমৰ দায়িত্ব আৰু গুৰুত্ব অপৰিসীম। সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা সংবাদ মাধ্যমে ভাষা জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি তোলাৰ ক্ষেত্ৰতো গ্ৰহণ কৰি আহিছে বলিষ্ঠ পদক্ষেপ।

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত গহপুৰ মহকুমাধিপতি কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত এইদৰে মন্তব্য আগবঢ়াই গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মণিষ ভড়ালীয়ে।হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে আঁত ধৰা ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্য্যসূচীত চক্ৰ বিষয়া মণিষ ভড়ালীয়ে আৰু কয় যে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰতো সংবাদ মাধ্যমে গ্ৰহণ কৰি আহিছে ইতিবাচক পদক্ষেপ।

হেলেমৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে ভাষণ প্ৰসংগত গণতন্ত্ৰৰ স্বাধীনতা ৰক্ষাত সংবাদ মাধ্যমৰ ভূমিকা, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ গঠন আৰু সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে।সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰাই সমাজৰ প্ৰতিচ্ছৱি ফটফটীয়াকৈ তুলি ধৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম বুলি উল্লেখ কৰে।

তেওঁ কয় যে, গহপুৰৰ সাংবাদিক সকলে এইক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা আগবঢ়াই আহিছে। অনুষ্ঠানত সাংবাদিক সকলৰ মঞ্চৰ পৰা ভুৱন শইকীয়া,নৱজিৎ শইকীয়া,ভাস্কৰ জ্যোতি ভূঞা, পৰাশ শইকীয়া,প্ৰণৱ জ্যোতি শইকীয়া,বিশ্বজ্যোতি সেনাপতি, কংকন কাকতি,অমৰ জ্যোতি বৰা,ৰাজীৱ বৰাই সাংবাদিকতা ক্ষেত্ৰৰ নিজ নিজ অভিজ্ঞতা বৰ্ণনা কৰি সাংবাদিক সকলৰ সন্মুখত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান আৰু এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনৰ কৰণীয় সম্পৰ্কে বাখ্যা আগবঢ়ায়।

সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ উপস্থিত থকা অনুষ্ঠানটোত চক্ৰ বিষয়া ত্ৰিলিনা টাইডে সাংবাদিক সকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গহপুৰ মহকুমাত এগৰাকী তথ্য আৰু জনসংযোগ বিষয়া নিয়োগ কৰাৰ প্ৰসংগত অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাক অৱগত কৰিব বুলি উল্লেখ কৰে।চৰকাৰী কামত গুৱাহাটীলৈ যাবলগীয়া হোৱাৰ বাবে উক্ত অনুষ্ঠানত অনুপস্থিতি থকা মহকুমাধিপতি লুকুমণি বৰাই গহপুৰ মহকুমাৰ সকলো সাংবাদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।অনুষ্ঠানটোৰ শেষত গহপুৰ মহকুমা প্ৰশাসনে উপস্থিত সাংবাদিক সকলক একোখনকৈ ডায়েৰী আৰু একোটাকৈ কলমে উপহাৰ দিয়ে।

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
মাৰ্ঘেৰিটা মহকুমা জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in