নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ১০০ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৬০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬০গৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷

ইয়াৰ মাজৰে কলা শাখাৰ ৩৪গৰাকী, বিজ্ঞান শাখাৰ ১০গৰাকী আৰু বাণিজ্য শাখাৰ ১৬গৰাকী ছাত্ৰ-ছাত্ৰী৷ বিদ্যালয়খন ২০২২ চনত প্ৰতিষ্ঠাৰ পৰা পোন প্ৰথম বাৰৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত সকলোবোৰেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷

বিদ্যালয়খনৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ অৱতীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হেৱাত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল তথা নদুৱাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়খনত৷

বিশেষকৈ আজি ফলাফল ঘোষণাৰ পিছতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ২০২২চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত বিগত দুটা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ১০০% উত্তীৰ্ণ হাৰেৰে সাফল্যতা অৰ্জন কৰিছে।

নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...
মেট্ৰিকৰ দৰে উচ্চতৰ মাধ্যমিকতো সফলতাৰ ধাৰা অব্যাহত নিউ লুক একাডেমীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in