/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/81bb707d-e6be-4b56-984d-30981d86ecce/8.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/938a7c90-742b-414b-b68c-f45f78d7246b/9e014a3a_26d0_46f6_9d80_41c9dffffce7.jpg)
২০১৪ চনত এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে ছাত্ৰ-ছাত্ৰীয়ো অৱতীৰ্ণ হৈছিল। সেই তেতিয়াৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০বছৰ ধৰি ১০০% শতাংশ উত্তীৰ্ণ হোৱাৰ অভিলেখ গঢ়িছিল বিদ্যালয়খনে।
উল্লেখযোগ্য যে বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত এইবাৰ প্ৰথম অৱতীৰ্ণ হৈছিল আৰু ১০০শতাংশ উত্তীৰ্ণৰ হাৰেৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/583691fa-a4fe-4129-8dd4-e56a35ea48bc/51089c47_b589_4e4d_b0d0_9fb117df7f88.jpg)
মুঠ ২১গৰাকী পৰীক্ষাৰ্থীৰ ১৮জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ১০জনে ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হোৱাৰ উপৰি কেইবাগৰাকী পৰীক্ষাৰ্থীয়ে ৯০ শতাংশৰ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কলা শাখাত যুক্তা চেতিয়াই ৯৩.২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ সফলতাত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিৱসাগৰৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
Also Read: মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি : পৰিবহণ বিভাগৰ অভিযানত জব্দ কেইবাখনো বাছ…