বিহালীত বলিছে উপ নিৰ্বাচনৰ বতাহঃ গাংমৌ থানত সাংসদ গৌৰৱ গগৈৰ শৰাই

সমষ্টিটোত পীযুষ হাজৰিকাৰো বাঢ়িছে ব্যস্ততা

author-image
Asomiya Pratidin
New Update
বিহালীত বলিছে উপ নিৰ্বাচনৰ বতাহঃ গাংমৌ থানত সাংসদ গৌৰৱ গগৈৰ শৰাই

বিহালীত বলিছে উপ নিৰ্বাচনৰ বতাহঃ গাংমৌ থানত সাংসদ গৌৰৱ গগৈৰ শৰাই

ডিজিটেল সংবাদ বিহালীঃ বিহালীত বলিছে উপ-নিৰ্বাচন কেন্দ্ৰীক বতাহ৷ ইতিমধ্যে বিহালীত শাসক বিৰোধী উভয় পক্ষৰ দ্বিগজ্জ নেতাৰে ভৰি পৰিছে৷ ইপিনে বিহালীত দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ উপস্থিত হৈ দলীয় প্ৰচাৰ আৰম্ভ কৰিছে৷

Advertisment

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদৰেণু বিজড়িত বিহালীস্থিত ঐতিহ্যমণ্ডিত গাংমৌথানত শৰাই -শলিতাৰে মূৰ দোৱাই অদৃষ্টজনৰ চৰণত সেৱা জনাই আৰম্ভ কৰিলে নিৰ্বাচনী ৰাজনীতি৷

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অনুষ্ঠিতৱ্য বিহালী উপ নিৰ্বাচনৰ পৰিচালনা কৰাৰ নেতৃত্ব লাভ কৰাৰ পিছৰে পৰা বিহালীত দ্বিতীয় বাৰলৈ ভৰি দিছে সাংসদ গৌৰৱ গগৈ৷ সিপিনে বিজেপি দলৰ বিহালী উপ নিৰ্বাচনৰ প্ৰভাৰী হিচাপে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাক দ্বায়িত্ব অৰ্পন কৰিছে৷

ইতিপূৰ্বে বিহালী উপ নিৰ্বাচনৰ প্ৰভাৰী পীয়ুষ হাজৰিকা দুদিনীয়া কাৰ্যসূচীৰে বিহালীত নিৰ্বাচনী কাম-কাজ অব্যাহত ৰাখি কেইবাবাৰো বিহালী সমষ্টি ভ্ৰমণ কৰিছে৷ সমান্তৰালভাৱে বিহালী উপ নিৰ্বাচনী ৰণকৌশল আৰু সাংগঠনিক ভেঁটি সৱল কৰাৰ লক্ষ্য পৰিকল্পনাৰে বিহালীত উপস্থিত হোৱাৰ পৰত সাংবাদিকৰে হোৱা সাক্ষাৎকালত উত্তৰ অসমৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ১৯ খন ৰাজহ গাওঁ চৰকাৰে ৰাইজৰ লগত আলোচনা নকৰাকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

বিটিআৰ পৰিসদীয় এলেকাত বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলা এলেকা কৰ্তন কৰি ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰা বিষয় সন্দৰ্ভত কয় যে, চৰকাৰে কোনো পক্ষ ল'ব নালাগে। চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক সংঘাতময় পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰাৰ বাবেই বিজেপিৰ যোগদান প্ৰক্ৰিয়াত সংখ্যা যথেষ্ট কমি গৈছে।

আনহাতে বি.টি.আৰত ইউপিপিএল আৰু বিপিএফ একত্ৰিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া দি গগৈয়ে কয়, আমাৰ চেষ্টা হ'ব যাতে আমাৰ সংগঠনটো বিটিআৰত শক্তিশালী ৰূপ দিয়া। বিজেপিৰ সদস্য ভৰ্তি চলি থকাৰ দৰেই অতি সোনকালে কংগ্ৰেছ দলেও সদস্য ভৰ্তি অভিযান চলোৱাৰ কথা ঘোষণা কৰে গৌৰৱ গগৈয়ে।

উল্লেখ্য যে বিহালীত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত বিশ্বনাথ জিলা কংগ্ৰেছ সভাপতি দিলীপ কুমাৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু , বিশ্বনাথ জিলা কংগ্ৰেছ মুখপাত্ৰ তুষাৰ বৰা, ৰাজ্যিক মুখপাত্ৰ বৰ্ণালী বৰা , সাধাৰণ সম্পাদক মনোজ গৌতম , বিশ্বনাথ জিলা উপ সভাপতি প্ৰনৱ কুমাৰ চৌধুৰী(পিংকু) আদি বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে সংগ দিয়ে৷

Also Read: পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ : কাইলৈৰ পৰা খুলিব মহানগৰৰ বিদ্যালয়সমূহ

কংগ্ৰেছ গৌৰৱ গগৈ বিহালী গাংমৌ থান