কন্যকা কৃষি পাম পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

বিহাৰত নিতিশ কুমাৰে মাদ্ৰাছা খোলাকলৈ লৈ সাংসদ শইকীয়াৰ প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
কন্যকা কৃষি পাম পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট : লোকসভাৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমূখী পাম পৰিদৰ্শন কৰে ৷ কন্যকা কৃষি পামখন পৰিদৰ্শন কৰি সাংসদগৰাকী অভিভূত হৈ পৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই এনেধৰণৰ কৃষিপাম গঢ়ি তোলাৰো পোষকতা কৰে ৷

Advertisment

বিশ্বনাথ জিলাৰ ২১ খন গাঁও, ওদালগুৰি জিলাৰ অন্তৰ্ভূক্ত হোৱা বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে বিহাৰৰ প্ৰতিখন জিলাত নিতিশ কুমাৰে মাদ্ৰাছা নিৰ্মাণ কৰিবলৈ বিচৰা সন্দৰ্ভত মত ব্যক্ত কৰে শইকীয়াই।

সাংসদগৰাকীয়ে কয়- বিহাৰত নিতিশ কুমাৰে কি কৰিছে সেইটো আমাৰ প্ৰয়োজন নাই ৷ সেইটো তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয় ৷ কিন্তু অসমত আমি ধৰ্মীয় শিক্ষাৰে মৌলবাদী হোৱাতকৈ ডাক্তৰ ইঞ্জিনীয়াৰহে বিচাৰো বুলি মন্তব্য কৰে ৷

কন্যকা কৃষিপাম পৰিদৰ্শনকালত সাংসদগৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Also Read: অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

Kanyaka Agricultural Farm dilip saikia