অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰৰ নেপালী মন্দিৰত অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। দুৰ্গা নাৰায়ণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিভিন্ন শাখাৰ পৰা অহা সভাপতি- সম্পাদকে ধৰি শাখাৰ প্ৰতিনিধি উপস্থিত থাকে।

Advertisment

অসম নেপালী সাহিত্য সভা কামৰূপ জিলা সমিতিৰ সম্পাদক এগৰাজ চেত্ৰীয়ে পৰিচালনা আৰু সম্পাদিকা ৰঞ্জিতা দেৱীৰ সহযোগ কৰা অনুষ্ঠানত সভাত আগন্তুক দিনত কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহ বিতংভাৱে আলোচনা কৰা হয়। অসম নেপালী সাহিত্য সভাৰ পূৰ্ণাংগ সমিতি গঠন কৰাৰ পিছতে আগন্তুক দিনত নতুনকৈ গঠন হ'বলগীয়া কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ বাবে কামৰূপ জিলা সমিতিৰ পৰা পাঁচজনকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ তালিকা প্ৰস্তুত কৰা হয়।

লগতে জিলা সমিতিৰ বেংক একাউণ্ট খোলা , জিলা সমিতিৰ ৰছিদ বহী ছপোৱা, নিষ্ক্ৰিয় শাখাসমূহ অহা ৩১ অক্টোবৰৰ ভিতৰত সক্ৰীয় কৰা, বাৰ্ষিক অধিৱেশনত আলোচনীৰ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত বিভিন্ন শাখাত সাহিত্য বৈঠক অনুষ্ঠিত কৰা আৰু অসম নেপালী সাহিত্য সভাৰ ষোড়শতম্ ত্ৰি - বাৰ্ষিক অধিৱেশন সোণালী জয়ন্তী সামৰণি সমাৰোহত অভ্যৰ্থনা সমিতিয়ে নিৰ্ধাৰিত কৰা আৰ্থিক অনুদান আদিৰ বিষয়ে আলোচনা কৰা হয়। কামৰূপ জিলা সমিতিয়ে কেনেদৰে আৰ্থিক সহায় আগবঢ়াব পাৰি তাৰ বিষয়তো এই বৈঠকত আলোচনা কৰা হয় ।

ইয়াৰ পিছতে দ্বিতীয় কাৰ্যসূচীত কামৰূপ জিলা সমিতিৰ উদ্যোগত কামৰূপ জিলাৰ অন্তৰ্গত কবি সকলক লৈ এখনি কবি সন্মিলন অনুষ্ঠিত কৰা হয়। অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ড৹ ইন্দুপ্ৰভা দেৱীৰ দ্বাৰা উদ্ধোধন কৰা কবি সন্মিলন অনুষ্ঠান পৰিচালনা কৰে সমিতিৰ উপদেষ্টা ড° দেবেন সাপকোটাই ।

বিভিন্ন শাখাৰ পৰা অহা কবিসকলে তেওঁলোকৰ মধুৰ কবিতা‌ পাঠৰ‌ যোগেদি সভাত উপস্থিত থকা সকলোকে ধ্যান আকৰ্ষণ কৰে । সভাৰ মুখ্য অতিথি নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খতিৱড়া আৰু আমন্ত্ৰিত অতিথি থাকে অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি তথা সাহিত্য একাডেমীৰ বঁটা বিজয়ী, বিশিষ্ট সাহিত্যিক জ্ঞান বাহাদুৰ চেত্ৰী ।

নেপালী সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ড° কালিদাস শৰ্মাৰ লগতে উদয় চেত্ৰী, গোপাল যোশী, গোপাল শৰ্মা, ড° খগেন শৰ্মা, চম্পা উপাধ্যায়, লক্ষ্মী সুবেদী, তীৰ্থনাথ উপাধ্যায়, দিলীপ উপাধ্যায়, ঘনশ্যাম উপাধ্যায়কে ধৰি জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া, শাখা সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্য সদস্যাই উপস্থিত থাকে।

Also Read: স্বাধিকাৰ বিচাৰি দিল্লী কঁপালে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই...

executive meeting Nepali Sahitya Sabha