/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ae364b5e-0961-47a4-85dd-017ce1c78323/4.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ মইনাজুলি চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই। চাহ শ্ৰমিক ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
হাতে হাতে ৰঙা পতাকা লৈ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবী তোলে মইনাজুলি চাহ বাগিচাৰ পুৰুষ-মহিলাসকলে। শ্ৰমিকসকলৰ আৱাস গৃহ মেৰামতি,বাট-পথ,নিৰ্মাণ, পানী,চাহপাত,খৰি,ছাতি প্ৰদান,ওমলা ঘৰত খিচিৰি প্ৰদানৰ দাবী জনায়।বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে চাহ শ্ৰমিক ৰাইজে।
Also Read: ১৫ বছৰে বৰগাং নৈৰ খহনীয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰঞ্জিত দত্তইঃ ক্ষোভিত ৰাইজ