১৫ বছৰে বৰগাং নৈৰ খহনীয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰঞ্জিত দত্তইঃ ক্ষোভিত ৰাইজ

১৫ বছৰে বৰগাং নৈৰ খহনীয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰঞ্জিত দত্তইঃ ক্ষোভিত ৰাইজ

author-image
Asomiya Pratidin
New Update
১৫ বছৰে বৰগাং নৈৰ খহনীয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰঞ্জিত দত্তইঃ ক্ষোভিত ৰাইজ

ডিজিটেল সংবাদ,বিহালীঃ বিহালীত সাংসদ ৰঞ্জিত দত্তৰ ওপৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। ১৫ বছৰে বিধায়ক তথা কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিও সাংসদ গৰাকীয়ে বৰগাং নৈৰ খহনীয়া ৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৰাইজে।ৰাজ্যত আহাৰ মহীয়া বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিহালীৰ নীলবাৰীত বৰগাং নৈয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়া।

Advertisment

উল্লেখ্য যে, বৰগাং নৈৰ গড়াখহনীয়াত জাহ গৈছে বৰভীল চাহ বাগিচাৰ কেইবা বিঘা ভূমি। ফলস্বৰূপে বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিক সকলৰ জীৱন-জীৱিকাৰ প্ৰতি অন্ধকাৰ নামি আহিছে।এই ক্ষেত্ৰত ৰঞ্জিত দত্তক শীঘ্ৰে পদক্ষেপ গ্ৰহণৰ দাবী জনাই স্থানীয় ৰাইজে।

Also Read: শিলচৰত উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ ৬ খন চুপাৰ চাকাৰ বাহনৰ শুভাৰম্ভ

BEHALI