এশ শতাংশ উত্তীৰ্ণৰে পুনৰ উজ্বলিল খনামুখৰ মডেল একাডেমি ইংলিছ হাইস্কুল...

এশ শতাংশ উত্তীৰ্ণৰে পুনৰ উজ্বলিল খনামুখৰ মডেল একাডেমি ইংলিছ হাইস্কুল...

ডিজিটেল সংবাদ, শোণিতপুৰ : শোণিতপুৰ জিলাৰ খনামুখস্থিত মডেল একাডেমী ইংলিচ হাইস্কুল পুনৰ উজ্বলিল এশ শতাংশ উত্তীৰ্ণৰে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ এশ শতাংশ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

বিদ্যালয়খনৰ পৰা মুঠ ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে ডিষ্টিংছন ৯ গৰাকী, ষ্টাৰ ১৪ গৰাকী, প্ৰথম বিভাগত ২৪ গৰাকী আৰু দ্বিতীয় বিভাগত ৪ গৰাকীয়ে ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।

এই ফলাফলত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল ।

এশ শতাংশ উত্তীৰ্ণৰে পুনৰ উজ্বলিল খনামুখৰ মডেল একাডেমি ইংলিছ হাইস্কুল...
৭৫ বছৰ পিছত মিলন হ'ল ভাতৃ-ভগ্নীৰ, ভাৰত-পাকিস্তানৰ সৈতেই বিভাজন হৈছিল সহোদৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in