/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b69cf62f-3f75-44ed-9ff3-03b359d4ce0b/18.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনৰ নদুৱাৰ বিধানসভা সমষ্টি এলেকাত ৫টা নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। শনিবাৰে ৰঙাচকুৱা, ধলাইবিল, নাগশংকৰ, কৰৈয়নী আৰু বালিপাৰাত কেউটা নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৷
ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই নিৰ্বাচনী কাৰ্যালয় কেইটাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল বৰাই বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/10da3a93-1bac-4a3e-acf3-d5608a2e419c/e9ee98c4_27e6_4608_87f2_9f62523da001.jpg)
সমান্তৰালকৈ কংগ্ৰেছ ,চি পি এম আৰু আম আদমী পাৰ্টিকে ধৰি ভালেসংখ্যক দল-সংগঠনৰ শতাধিক নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ বিধায়ক পদ্ম হাজৰিকাই যোগদানকাৰীসকলক দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰণি জনায় ৷
ভাষণ প্ৰসংগত নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে দলীয় বিষয়ববীয়া ও প্ৰতিজন কাৰ্য্যকৰ্তাক দলৰ প্ৰতি সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহবান জনায়। তেঁঁও লগতে কয়- আগন্তুক লোকসভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পৰা আমি আমাৰ দলৰ মনোনিত প্ৰাৰ্থী ৰঞ্জিত দত্তক ১লাখতকৈ অধিক ভোট দিব লাগিব ৷ নৰেন্দ্ৰ মোদীক আমি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পাতিবই লাগিব ৷ তেতিয়াহে আমাৰ দেশ বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ হিচাবে প্ৰতিষ্ঠিত হ'ব ৷
Also Read: পৰকীয়া প্ৰেমৰ বিষম পৰিণতি ! স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল পত্নীৰ