মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত চতিয়াৰ বিভিন্ন স্থান পৰিদৰ্শন বিধায়ক আৰু জিলা আয়ুক্তৰ

মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত চতিয়াৰ বিভিন্ন স্থান পৰিদৰ্শন বিধায়ক আৰু জিলা আয়ুক্তৰ

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত চতিয়াৰ বিভিন্ন স্থান পৰিদৰ্শন বিধায়ক আৰু জিলা আয়ুক্তৰ

মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰাকক্ষণত চতিয়াৰ বিভিন্ন স্থান পৰিদৰ্শন বিধায়ক আৰু জিলা আয়ুক্তৰ

ডিজিটেল সংবাদ জামুগুৰিহাটঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্য্যসূচী হাতত লৈ অহা ২৭ জানুৱাৰীত নদুৱাৰ( চতিয়া) সমষ্টিত পদাৰ্পণ কৰিব৷ এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীৰ আগমণৰ প্ৰাকক্ষণত উক্ত দিনা মুকলি হ'ব লগীয়া স্থানসমূহ ক্ৰমে চতিয়া ষ্টেডিয়াম, চতিয়া নাট্য ভৱন,চতিয়া আদৰ্শ হাস্পাতাল, ত্যাগ বীৰ হেম বৰুৱা মহাবিদ্যালয় বিএড কলেজ, বাৰেচহৰীয়া প্ৰকল্পত অনুষ্ঠিত হ'ব লগা কৰ্মী সমাজ সভাৰ স্থান আদি পৰিদৰ্শন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত দেবকুমাৰ মিশ্ৰই।

Advertisment

লগতে উপস্থিত থাকে নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড° আকাশদ্বীপ কাকতী, অতিৰিক্ত আয়ুক্ত ৰাজ বৰুৱা, চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈ, চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,৩ নং চতিয়া পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া, জামুগুৰি বাৰেচহৰীয়া ভাওনা কমিটীৰ সাধাৰণ সম্পাদক জয়ন্ত বৰা, জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, উপ-পৌৰপতি অঞ্জন কলিতা, জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন আৰু পৌৰসভাৰ ৱাৰ্ড সদস্যসকলৰ লগতে বহু কেইগৰকী বিশিষ্ট ব্যক্তিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকী ২৬ জানুৱাৰীৰ বিয়লিতে আহি চতিয়া সমষ্টিত নৈশযাপন কৰাৰ পিছদিনা সকলো কাৰ্যসূচী সম্পন্ন কৰি পুনৰ উক্ত দিনা বিয়লি গুৱাহাটীলৈ উভতি যোৱাৰ কথা৷

Also Read: চিলাপথাৰত কংগ্ৰেছত দলত্যাগ ধুম আৰম্ভ...

চতিয়া