/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e77f370f-04fc-4690-9a5f-53cc3f32a041/SILAPATHAR_23.jpg)
চিলাপথাৰত কংগ্ৰেছত দলত্যাগ ধুম আৰম্ভ...
ডিজিটেল সংবাদ চিলাপথাৰঃ লোকসভাৰ নিৰ্বাচন সমাগত। আৰম্ভ হৈছে দলত্যাগ আৰু দলত যোগদানৰ ধুম। আজি চিলাপথাৰৰ কেইবাজনো নেতৃস্থানীয় কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে। প্ৰাপ্ত খবৰ মতে আজি চিলাপথাৰ হোটেল নভা পালেছত অনুষ্ঠিত অঅনুষ্টুপীয়া অনুষ্ঠানত ৰোস্তম পেগু,বিপুল পাতিৰ,অশ্বিনী পেগু,ৰাজু দলে,চণ্ডীৰাম কুটুম,বিশ্বজিৎ দলে আদি কেইবাজনো স্থানীয় কংগ্ৰেছ নেতাই বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
এইসকল লোকে পূৰ্বে কংগ্ৰেছ দলৰ নেতৃস্থানীয় পদত কাৰ্যনিৰ্বাহ কৰিছিল। যোগদান অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,ধেমাজি জিলা বিজেপিৰ সভাপতি ৰুপা কামান,পূৱ জোনাই মণ্ডল সমিতিৰ সভাপতি আদিত্য বৰুৱা,বিজেপিৰ ধেমাজি জিলাৰ উপ-সভাপতি পাৰ্থ চেত্ৰী, জিলা সম্পাদক বিভূতি ভূঞা, জিলা জনজাতি মৰ্চাৰ সভাপতি ৰাজকুমাৰ পাংগিং, চিলাপথাৰ টাউন মণ্ডলৰ বিজেপিৰ সভাপতি গংগা পেগু, বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈ আদি উপস্থিত থাকে। নৱাগতসকলক দলৰ তৰফৰ পৰা একোখনকৈ দলীয় গলবস্ত্ৰৰে আদৰণি জনোৱা হয়। তেওঁলোকক দলৰ নীতি নিয়ম সৰোগত কৰি সমাজ সেৱা কৰি যাবলৈ আহ্বান জনায়।
Also Read: পৰাক্ৰম দিৱসত ৰঙিয়া কেন্দ্ৰিয় বিদালয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, নেতাজীক স্মৰণ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us