নীট পৰীক্ষাত উজলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা

নীট পৰীক্ষাত উজলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা

ডিজিটেল সংবাদ , বঢ়মপুৰ : সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিছে নগাঁৱৰ বঢ়মপুৰৰ মনীষ বৰবৰুৱা । কৃতি ছাত্ৰ মনীষ বৰবৰুৱাই নীট পৰীক্ষাত মুঠ ৫৭৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

মেধাৱী ছাত্ৰ মনীষে নীট পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে দীৰ্ঘদিন ধৰি একানপতীয়াকৈ অধ্যয়ন কৰাৰ লগতে অ. এন.জি. চিৰ গোলাঘাটস্থিত "ছুপাৰ ৩০ " নামৰ প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল । মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ ব্যাপক প্ৰস্তুতিৰে প্ৰথম প্ৰচেষ্টাতেই এই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত মনীষৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।

মেধাবী ছাত্ৰজনৰ এই সফলতাত অঞ্চলটোৰ বিভিন্নজনে তেওঁক আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে আশীৰ্বাদ প্ৰদান কৰে । উল্লেখ্য যে , কৃতি ছাত্ৰ মনীষ বৰবৰুৱা বঢ়মপুৰ জিলা কুকুৰা পামৰ নিলগৰ নিবাসী শিক্ষক ললিত কুমাৰ বৰবৰুৱা আৰু শিক্ষয়ত্ৰী তুলিকা বৰবৰুৱাৰ জ্যেষ্ঠ পুত্ৰ ।

নীট পৰীক্ষাত উজলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা
আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ বিভিন্ন প্ৰতিযোগিতা সমাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in