/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/63325216-07d7-4efd-82e7-584644e75e68/402.jpg)
ডিজিটেল সংবাদ,বালিপৰা : জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ "বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহ পৰিদৰ্শন কৰে আৰু বিভাগীয় মুৰব্বী বিষয়াসকলক কোনো চৰকাৰী আঁচনিৰ পৰা যাতে যোগ্য হিতাধিকাৰী বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/69fbc8b5-cd6d-40fc-aa0e-9ac2c59abf72/409960016_886358762945220_5238617993101757821_n.jpg)
এই উপলক্ষে অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰী হাজৰীকাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিগত ৯ বছৰে সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ অধীনত কাম কৰি আহিছে। কিন্তু বহু সময়ত সজাগতাৰ অভাৱত এই আঁচনিসমূহৰ সুবিধা লোৱাৰ ক্ষেত্ৰত একাংশ যোগ্য নাগৰিক বঞ্চিত হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d5dcb5f7-9ccb-43ef-ad49-53413831e062/409816934_886358426278587_8696682096035529773_n.jpg)
ইয়াৰ বাবেই প্ৰধানমন্ত্ৰী মোডীৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰী প্ৰশাসনযন্ত্ৰক মূলত গাঁৱে গাঁৱে ঘূৰি যোগ্য হিতাধিকাৰীক চৰকাৰী আঁচনিৰ অন্তৰ্ভূক্ত কৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰেও প্ৰতিগৰাকী যোগ্য ব্যক্তিক চৰকাৰী সা-সুবিধাসমূহ প্ৰদান কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4f7e75ee-04eb-4c0e-8ba6-f37742f793f6/409812224_886358559611907_368760888306961586_n.jpg)
আনহাতে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ লোকসকলে গাঁৱৰ ৰাইজৰ সৈতে কথা পতাৰ তথা তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাৰ এটা সুযোগ লাভ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, ই-শ্ৰম, পি এম কিষাণ, পি এম বিশ্বকৰ্মা, জল জীৱন অভিযান আদি বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰি বিশেষভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত যোগ্যসকলক চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰী হাজৰিকাই চৰকাৰী আঁচনিসমূহৰ সা-সুবিধাসমূহ গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। আজিৰ সভাত সকলোৱে বিকশিত ভাৰতৰ সংকল্প পাঠ কৰে।অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতি, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ আয়ুক্ত তথা জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।
Also Read: মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ