মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ

অন্তিম তথা ১৬ ডিচেম্বৰৰ দিনা অনুষ্ঠিত হ'বলগা মুকলি সভাত বহু কেইজন শিক্ষাবিদে অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হৈছে মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়। শিক্ষানুষ্ঠানখনত ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ। উল্লেখযোগ্য যে ১১ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ আয়োজন কৰা হৈছে মহাবিদ্যালয় সপ্তাহ।

Advertisment

মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ' উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে বিগত দিনকেইটাত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা,বাটৰ নাট, সাহিত্য প্ৰতিযোগিতা, ভেশচন প্ৰতিযোগিতা আদি সুকলমে অনুষ্ঠিত হৈ গৈছে।

উল্লেখ্য যে, ১১ ডিচেম্বৰত পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু প্ৰশিক্ষাৰ্থীসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ১২ ডিচেম্বৰত খেল ধেমালি প্ৰতিযোগিতা ১৩ আৰু ১৪ ডিচেম্বৰত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইফালে অধ্যক্ষ তপন শৰ্মাই জানিবলৈ দিয়ামতে, অহা ১৫ আৰু ১৬ ডিচেম্বৰত সাহিত্য আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে অন্তিম তথা ১৬ ডিচেম্বৰৰ দিনা অনুষ্ঠিত হ'বলগা মুকলি সভাত বহু কেইজন শিক্ষাবিদে অংশগ্ৰহণ কৰিব।

Also Read: তিতাবৰত পথ সুৰক্ষা জনজাগৰণ সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

Mangaldoi Teacher Teaching College college week