/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/3h4nh97n/AP-FOR-WEB-pijush-.jpg)
ডিজিটেল সংবাদ, বিহালী : বিহালীত ক্ৰমান্বয়ে গৰম হৈছে নিৰ্বাচনী বতাহ। শাসক-বিৰোধী দুয়োটা দলৰে শীৰ্ষ নেতাই এতিয়া বিহালীৰ ৰাজনীতি গৰম কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/ztfe039w/46481255710788501103627504553725535720756500n.jpg)
শাসক পক্ষৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাই বাহৰ পাতি লৈছে বিহালীত। সমান্তৰালকৈ প্ৰতিদিনে বিহালীলৈ আগমন ঘটিছে মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ। ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰায়ো আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/n0c1gcok/46478037610788492003628413590052431176834245n.jpg)
সোমবাৰেও ব্যতিক্ৰম নহয় বিহালী সমষ্টিৰ প্ৰচাৰ অভিযান । মন্ত্ৰী পীযুষ হাজৰীকাই বৃহৎ নিৰ্বাচনী সভাৰ পৰিৱৰ্তে সমষ্টিৰ প্ৰতিটো বুথে বুথে চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে আজি বিহালী বৰনামঘৰত মন্ত্ৰী হাজৰীকাই উদ্ধোধন কৰে ভাগৱত শোভাযাত্ৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/ju9mlynp/46479292210788491936961757684865895920466405n.jpg)
নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত কলিতাক লগত লৈ মন্ত্ৰীগৰাকীয়ে বিহালী বৰমানঘৰত আশিস লোৱাৰ লগতে ডবা বজোৱাও পৰিলক্ষিত হয়। ইয়াৰ পাছতে বতিয়ামাৰী গাঁও পঞ্চায়তৰ বৰাজুলী নেপালী গাঁৱৰ ১২৫ নং বুথত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ভাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/39zswfsu/46479717110788492936961654865455302492347746n.jpg)
এই নিৰ্বাচনী সভাতে মন্ত্ৰী পীযুষে কয় যে মহিলা সকলেতো বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিবই কিন্তু পুৰুষসকলে যদি ভোট নিদিয়ে, তেনেহ’লে মহিলাসকলে তেঁওলোকক ঘৰত ভাত নিদিবলৈ ধেমালীয়াকৈ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/ds1dat36/46483855410788492036961741172141858611578132n.jpg)
ইফালে বিহালী সমষ্টিৰ বাহিৰৰ পৰা মানুহ আনি কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ সভা চলাইছে বুলি সাংসদ ৰঞ্জিত দত্তই অভিযাগ উত্থাপন কৰে। লগতে বিজেপিয়ে শংকিত হৈ সকলো ৰথী- মহাৰথী বিহালীত নমাইছে বুলি কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে কোনো কাৰণতে বিজেপি বিহালীত শংকিত হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/bj3o3g57/46484129910788493170294962314335530503730998n.jpg)
উল্লেখযোগ্য যে বিহালীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰিব বুলি জানিব পৰা গৈছে।
Also Read: মহানগৰীৰৰ পৰা চিকিৎসক পত্নী সন্ধানহীন