কৃতকাৰ্যতাক ধৰি ৰাখিবলৈ সদায় অধিক পৰিশ্ৰম কৰিব লাগিবঃ কেশৱ মহন্ত

কলিয়াবৰত বিশেষ সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মন্ত্ৰী কেশৱ মহন্তৰ অভিনন্দন জ্ঞাপন
কৃতকাৰ্যতাক ধৰি ৰাখিবলৈ সদায় অধিক পৰিশ্ৰম কৰিব লাগিবঃ কেশৱ মহন্ত

ডিজিটেল সংবাদ, কলিয়াবৰঃ বৰ্তমান প্ৰযুক্তিৰ যুগ ৷ প্ৰযুক্তি নিৰ্ভৰ হোৱাৰ সামন্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলে চিন্তাশক্তিক জীপাল কৰি ৰখাটো বাঞ্ছনীয়৷ সৃষ্টিশীলতা আৰু প্ৰযুক্তি ব্যৱহাৰৰ মাজত সন্তুলন ৰক্ষা কৰিব লাগিব৷  কৃতকাৰ্যতাক ধৰি ৰাখিবলৈ সদায় অধিক পৰিশ্ৰম কৰিব লাগিব। পৰীক্ষাৰ ফলাফলে শিক্ষাৰ্থীৰ লগতে পিতৃ-মাতৃ, অভিভাৱক, বিদ্যালয়, পৰিয়াল, তথা সমাজক আনন্দিত কৰে। কৃতকাৰ্যতাৰ জখলাডালত সদায় এঢাপ এঢাপকৈ ওপৰলৈ উঠি গৈ থাকিব লাগিব -কলিয়াবৰৰ মুক্তি যুঁজাৰু স্মৃতি ভৱন প্ৰাংগনত দেওবাৰে আয়োজিত কলিয়াবৰত বিশেষ সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি আদৰণি ভাষনত কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই এইদৰে মন্তব্য কৰে ৷

স্থানীয় বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত  বিশিষ্ট চিন্তাবিদ, প্ৰাগ নিউজৰ মূখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু মুখ্য অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় - শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণ কৰা সময়খিনিয়ে আটাইতকৈ ভাল সময় আৰু আটাইতকৈ বেয়া সময়ো। কাৰণ জীৱনৰ সঠিক লক্ষ্য নিৰ্দ্ধাৰণ কৰি সফলতাৰ শিখৰতো উপনীত হ'ব পাৰি আৰু যদি বিপথে পৰিচালিত হয় তেন্তে জীৱনটো বেয়া দিশলৈ গতি কৰিব। সেয়েহে শিক্ষাৰ্থীসকল প্ৰতিটো খোজতেই সঠিক সিদ্ধান্তৰে আগুৱাই যাব লাগিব।

তেওঁ গোলকীয়কৰণ আৰু প্ৰযুক্তিৰ সময়ত  কৃটিম বুদ্ধিমত্তাৰ বিষয়েও আলোকপাত কৰে। আদৰণি ভাষণত মন্ত্ৰী কেশৱ মহন্তই কয় যে ছাত্ৰ-ছাত্ৰীৰ মাজতে আছে এখন সুন্দৰ সমাজ গঢ়াৰ বাবে থাকিবলগীয়া সকলো সম্ভাৱনীয়তা। জীৱনৰ এই গুৰুত্বপূৰ্ণ সময়চোৱাত তোমালোক সঠিক দিশত আগবাঢ়ি গৈ নিজকে সম্পদ হিচাপে গঢ় দিয়া। তোমালোক যি ক্ষেত্ৰতে প্ৰতিষ্ঠিত নোহোৱা কিয় তাৰ পৰাই সমাজলৈ অৰিহণা আগবঢ়াব পাৰা ।

উল্লেখ্য যে ২০২৪ বৰ্ষত উচ্চ  মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চেইন্ট ৰবাৰ্টচ হাইস্কুলৰ জেচিকা হাজৰিকাই, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কুঁৱৰীটোলস্থিত শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ৪গৰাকী, আমবাগানস্থিত আইডিয়েল ইংলিছ একাডেমীৰ ৫গৰাকী, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চ গণিত বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ চূড়ান্ত পৰীক্ষাৰ লগতে কলিয়াবৰৰ বাহিৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ৭৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। লগতে এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিলঘাস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চেইন্ট ৰবাৰ্টচ হাইস্কুল, মিছা ডনবস্ক, বাঘজানস্থিত বিমলা একাডেমী, পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডৰী, কন্যাকাশ্ৰম কণিষ্ঠ মহাবিদ্যালয়, আমবাগান কণিষ্ঠ মহাবিদ্যালয়ক কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই দুই লাখ টকা প্ৰদানেৰে উৎসাহিত কৰে।

অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, বিশিষ্ট শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গোস্বামী, ৰেৱকান্ত শৰ্মা, সমাজকৰ্মী মণি মাধৱ মহন্তকে প্ৰমুখ্য কৰি  শিক্ষাৰ্থীসকল, কলিয়াবৰৰ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱকসকলৰ লগতে অগপ - বিজেপি দলৰ কৰ্মকৰ্ত সকল অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে, সুদীৰ্ঘ বছৰ ধৰি বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি আহিছে ৷

কৃতকাৰ্যতাক ধৰি ৰাখিবলৈ সদায় অধিক পৰিশ্ৰম কৰিব লাগিবঃ কেশৱ মহন্ত
বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতিৰ সিদ্ধান্ত ল'লে আম আদমি পার্টীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in