বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতিৰ সিদ্ধান্ত ল'লে আম আদমি পার্টীয়ে...

বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতিৰ সিদ্ধান্ত ল'লে আম আদমি পার্টীয়ে...

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমি পার্টীৰ মুখ্য কাৰ্যালয়ত দেওবাৰে দলটোৰ এখন ৰাজ্যিক কার্যনির্বাহক সভা অনুষ্ঠিত হয়। দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত শেহতীয়া নির্বাচনী কার্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশসমূহ পৰ্যলোচনা কৰা হয়।

বিগত লোকসভা নির্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্ঠিত দলক সাবলীলভাবে নেতৃত্ব দিয়া দলটোৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শর্মা, ৰাষ্ট্ৰীয় নেতা জেচমিন শ্বাহ, সভাপতি ডাঃ ভবেন চৌধুৰী লগতে দলটোৰ দুগৰাকী প্ৰাৰ্থীৰ ব্যাপক বিজয় সুনিশ্চিত কৰাৰ বাবে কষ্ট স্বীকাৰ কৰা 'আপ'ৰ নিষ্ঠাৱান কর্মীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হয়।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচন, পৰিষদীয় নির্বাচন, বিধানসভা উপ-নির্বাচন আদিৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৃণমূল পর্যায়ত ল'বলগীয়া সাংগঠনিক ব্যৱস্থাসমূহৰ বিষয়ে বৈঠকত সবিশে আলোচনা কৰা হয়। এই সন্দৰ্ভত যাৱতীয় প্রস্তুতি চলাবলৈও দলীয় সতীর্থসকলক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আহ্বান জনায়।

সভাত আগন্তুত মাহৰ পৰা জিলা ভিত্তিত কর্মকর্তা সম্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। দলটোৰ উপ-সভাপতি ৰাজীৱ শইকীয়াই অসমৰ ৰাজনীতিত আম আদমি পার্টীয়ে নতুন পৰিকল্পনাৰে, নতুন উদ্যমেৰে যুৱকসকলক লগত লৈ আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছে বুলি উল্লেখ কৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিত এটা শক্তিশালী ৰাষ্ট্ৰীয় দলৰ প্রয়োজনীয়তা আছে বুলি অভিমত ব্যক্তি কৰে।

বিধানসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতিৰ সিদ্ধান্ত ল'লে আম আদমি পার্টীয়ে...
নগাঁৱত মীন আইন ধোঁৱাচাঙতঃ আইন অৱজ্ঞাৰে ব্যৱসায়ীৰ ৰমৰমীয়া মৎস্য ব্যৱসায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in