/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/x6gfwvbu/121.jpg)
প্ৰিয়াঞ্জলী কৌশিক
ডিজিটেল সংবাদ,গহপুৰ : গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ মেধাৱী ছাত্ৰী প্ৰিয়াঞ্জলী কৌশিকে স্নাতক পাঠ্যক্ৰমৰ ২০২৪ বৰ্ষৰ চুড়ান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত বিশেষ সফলতা লাভ কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। ছিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ স্নাতক শাখাৰ ছাত্ৰী প্ৰিয়াঞ্জলী কৌশিকে ঘোষিত ফলাফলত "উদ্ভিদ বিজ্ঞান" বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰি স্নাতক শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগসহ সোণৰ পদক লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/qgzdi06y/292213a6-e26c-47f4-876b-3096f27fda51.jpg)
সেই উপলক্ষে কালি ছেইণ্ট এন্থনীজ কলেজত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁক কলেজ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে তেওঁৰ এই কৃতিত্বৰ বাবে প্ৰমাণপত্ৰসহ সোণৰ পদক প্ৰদান কৰে। সৰুৰে পৰাই এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত প্ৰিয়াঞ্জলী কৌশিকে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা ৯০ শতাংশ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ডিব্ৰুগড়ৰ ছ'ল্ট ব্ৰুক একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা(বিজ্ঞান শাখা)ত ৮৭ শতাংশ নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছিল।
বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা মেধাৱী ছাত্ৰী প্ৰিয়াঞ্জলী কৌশিক বৰঙাবাৰী নিবাসী পঞ্চায়ত সচিব প্ৰয়াত জিতেন শইকীয়া আৰু পল্লৱী শইকীয়াৰ জীয়ৰী। তেওঁৰ এই সুখ্যাতিৰ বাবে গহপুৰৰ বৌদ্ধিক আৰু শিক্ষানুৰাগী ৰাইজে তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।