ডিজিটেল সংবাদ,লামডিং : লামডিং আৰক্ষী থানাত কংগ্ৰেছ দলে ৰুজু কৰিলে গোচৰ । উল্লেখ যে লোকসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে সামাজিকভাৱে তেওঁৰ সন্মান হেই প্ৰতিপন্ন কৰিছিল বিজেপি নেতাই ।
তাৰেই পৰিপ্ৰেক্ষিত বৰ্তমান চৰকাৰৰ বিজেপি নেতা তৰবিন্দৰ সিং মাৰৱাক লগতে আৰু তিনিজন বিজেপি নেতাৰ গ্ৰেপ্তাৰৰ দাবীত সমগ্ৰ অসমৰ লগতে শনিবাৰে হোজাই জিলা কংগ্ৰেছ কমিটি আৰু লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত লামডিং আৰক্ষী থানাত এজেহাৰ দাখিল কৰা হয়।
উচিত ন্যায় প্ৰদান কৰাৰ দাবীৰে আজি লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বিশ্বজিৎ ৰয় চৌধুৰী কে ধৰি দলে বলে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে লামডিং থানাত উপস্থিত হয়।