বনকৰা যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘৰৰ মালিকক...

তেজপুৰৰ বাম বেছেৰীয়াৰ মালিজান চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
বনকৰা যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘৰৰ মালিকক...

উপেন নাথ

ডিজিটেল ডেস্কঃ তেজপুৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। তেজপুৰৰ বাম বেছেৰীয়াৰ মালিজান চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বনকৰা যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘৰৰ মালিকক।

Advertisment

ঘৰৰ মালিকৰ নাম উপেন নাথ বুলি জানিব পৰা গৈছে। আনহাতে বনকৰা যুৱক ধীৰেন তাঁতীৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত ধীৰেণ তাঁতীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ সৱিশেষ।

Also Read: অতি ভয়াবহ মণিপুৰৰ পৰিস্থিতি! সংকটত হাজাৰ হাজাৰ লোক...

Assam police