কণমানি অনন্যাৰ শিৰত জিলিকিল 'মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ

কণমানি অনন্যাৰ শিৰত জিলিকিল 'মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ

author-image
Asomiya Pratidin
New Update
কণমানি অনন্যাৰ শিৰত জিলিকিল 'মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩'ৰ ৰাণাৰ্চ আপৰ খিতাপ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা স্পাৰ্ক মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২৩ জুনিয়ৰ শাখাৰ দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰি জামুগুৰিহাট তথা ধলাইবিললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কণমানি জীয়ৰী অনন্যা শইকীয়াই।

Advertisment

যোৱা ৪ নবেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা অহা ভালে সংখ্যক প্ৰতিযোগীক পৰাস্ত কৰি অনন্যা শইকীয়াই সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ এই ইৰ্ষণীয় সফলতাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।

৫ বছৰীয়া অনন্যাৰ মডেলিং জগতখনৰ প্ৰতি বিশেষ আকৰ্ষণৰ বাবেই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । অনন্যাৰ এই সাফল্যত এতিয়া স্বাভাৱিকতে আনন্দিত হৈ পৰিছে জামুগুৰিহাটবাসী ৰাইজ। ধলাইবিলৰ নিবাসী দাদুল শইকীয়া আৰু পলী শইকীয়াৰ এক মাত্ৰ জীয়ৰী অনন্যা শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৰাইজে।

Also Read: দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

jamugurihat