দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেইবাদিনো ধৰি 'গুৰুতৰ' শিতানত থকা দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰে। দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে, দিল্লীৰ বায়ু প্ৰদূষণ কোনো কাৰণতেই ৰাজনৈতিক যুদ্ধ হ’ব নোৱাৰে। শ্বাসৰুদ্ধকৰ বায়ুৰ গুণাগুণেই দিল্লীত মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দায়ী।

মঙলবাৰে ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ সুধাংশু ঢুলীয়াৰ বিচাৰপীঠে লগতে কয় যে, চুবুৰীয়া ৰাজ্য পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত শস্যৰ অৱশিষ্ট জ্বলোৱাটোৱো প্ৰতি শীতকালত দিল্লীৰ বায়ু প্ৰদূষণৰ ব্যাপক বৃদ্ধিৰ আঁৰৰ এটা মূল কাৰক। ইয়াক বন্ধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক পদক্ষেপ ল’বলৈ নিৰ্দেশ দি উচ্চতম ন্যায়ালয়ে কয় যে, ইয়াক বন্ধ কৰাটো ৰাজ্য চৰকাৰ সমূহৰ কাম। ইয়াক কেনেদৰে সমাপন কৰা হ'ব এই বিষয়ে ন্যায়ালয়ে কোনো উপায় দিব নোৱাৰে। কিন্তু অতি শীঘ্ৰেই ইয়াক বন্ধ কৰিব লাগিব।

দিল্লীৰ তীব্ৰ গতিত বৰ্দ্ধিত প্ৰদূষণৰ বাবে দিল্লী চৰকাৰো দায়ী বুলি উল্লেখ কৰি ন্যায়লয়ে কয় যে, দিল্লী চৰকাৰো দায়বদ্ধ হ'ব লাগিব। প্ৰদূষণ কৰা আৰু চলাচলৰ আধা ক্ষমতাৰে চলা বহু বাছ এতিয়াও দিল্লীত চলি আছে। এই সমস্যাটোৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগিব।

আদালতে কেন্দ্ৰক উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লী চৰকাৰৰ সৈতে শস্যৰ অৱশিষ্ট জ্বলোৱা বন্ধ কৰাৰ উপায় সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও দিল্লীৰ বায়ু প্ৰদূষণৰ আন এক মূল কাৰণ যান-বাহনৰ নিৰ্গমনৰ ওপৰত নজৰ দিবলৈও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

এই বিষয় সন্দৰ্ভত অহা শুকুৰবাবে পুনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি দিল্লীৰ কেইবাটাও অঞ্চলত মঙলবাৰে ৪০০ৰো অধিক AQI আছিল, যিটো সন্তোষজনক বায়ুৰ গুণাগুণৰ স্তৰৰ চাৰিগুণ।

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
ফকৰুদ্দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in