কোচ ৰাজবংশী সকলৰ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত নিয়মসমূহ শিথিল কৰিবলৈ চৰকাৰক আহ্বান আক্ৰাছুৰ...

কোচ ৰাজবংশী সকলৰ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত নিয়মসমূহ শিথিল কৰিবলৈ চৰকাৰক আহ্বান আক্ৰাছুৰ...

author-image
Asomiya Pratidin
New Update
কোচ ৰাজবংশী সকলৰ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত নিয়মসমূহ শিথিল কৰিবলৈ চৰকাৰক আহ্বান আক্ৰাছুৰ...

ডিজিটেল সংবাদ,বালিপৰাঃ বসুন্ধৰা ৩-০ ক লৈ অসন্তুষ্ট সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। বসুন্ধৰা ৩-০ ক লৈ চৰকাৰে যি ঘোষণা কৰিলে সেয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ মাটি-বাৰী নামজাৰী বা ম্যাদীকৰণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি নিতুল ৰাজবংশীয়ে।

Advertisment

আজি বালিপৰাত শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ সভাপতি নিতুল ৰাজবংশীয়ে চৰকাৰলৈ আহ্বান জনাই যে, বসুন্ধৰা ৩-০ ত অসমৰ কোচ ৰাজবংশী ৰাইজৰ মাটি-বাৰী ম্যাদীকৰণৰ ক্ষেত্ৰত কোনোধৰণৰ যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বসুন্ধৰা ৩.০ ক সংশোধন কৰে যেন।

আনহাতে যদিহে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত চৰকাৰে দিয়া নিয়মসমূহ শিথিল কৰি নিদিয়ে তেন্তে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। লগতে ২০২৬ ৰ নিৰ্বাচনৰ পুৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা নিদিলে ২০২৬ ৰ নিৰ্বাচনত বিজেপি চৰকাৰে পৰিণাম ভূগিব লাগিব বুলি হুংকাৰ দিয়ে কেন্দ্ৰীয় সভাপতি গৰাকীয়ে।

Also Read: সংবাদিকৰ বিৰুদ্ধে দুবাৰকৈ এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা ভাৰতীয় প্ৰেছ ক্লাবৰ...

koch rajbongshi