সংবাদিকৰ বিৰুদ্ধে দুবাৰকৈ এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা ভাৰতীয় প্ৰেছ ক্লাবৰ...

সংবাদিকৰ বিৰুদ্ধে দুবাৰকৈ এজাহাৰ দাখিল কাৰ্যক তীব্ৰ গৰিহণা ভাৰতীয় প্ৰেছ ক্লাবৰ...

author-image
Asomiya Pratidin
New Update
সংবাদিকৰ বিৰুদ্ধে দুবাৰকৈ এজাহাৰ দাখিল কৰা কাৰ্যক তীব্ৰ গৰিহণা ভাৰতীয় প্ৰেছ ক্লাবৰ...

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সাংবাদিক মহেশ লাংগাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰিছে গুজৰাট আৰক্ষীয়ে। সাংবাদিক গৰাকীৰ বিৰুদ্ধে এমাহৰ ভিতৰতে দুবাৰকৈ এজাহাৰ দাখিল কৰা কাৰ্যৰ বিৰোধিতা কৰে ভাৰতীয় প্ৰেছ ক্লাবে। বৰ্তমান ন্যায়িক জিম্মাত আছে লংগা।

উল্লেখ্য যে, জি এছ টি জালিয়াতিৰ অভিযোগত এই মাহৰ আৰম্ভণিতে আহমেদাবাদৰ অপৰাধ শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল। প্ৰাথমিক এজাহাৰত তেওঁৰ নাম উল্লেখ নাছিল। কিন্তু পৰৱৰ্তী সময়ত গুজৰাট মেৰিটাইম ব'ৰ্ডে কিছুমান নথি-পত্ৰ থকাৰ অভিযোগত ২২ অক্টোবৰত তেওঁৰ বিৰুদ্ধে দ্বিতীয়টো এজাহাৰ দাখিল কৰিছিল।

সংবাদিক গৰাকীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে ভাৰতীয় প্ৰেছ ক্লাবে। সংবাদ ক্ষেত্ৰৰ সৈতে জৰিত এগৰাকী লোকে নথি-পত্ৰ সংগ্ৰহ কৰি ৰখাটো কেনে ধৰণৰ অপৰাধ বুলি প্ৰশ্ন কৰে প্ৰেছ ক্লাবে।জ্যেষ্ঠ সাংবাদিক মহেশ লংগাৰ বিৰুদ্ধে এনে হাৰাশাস্তি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব নকৰিবলৈ আহ্বান জনাই ভাৰতীয় প্ৰেছ ক্লাবে।

Also Read: গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে ভাৰতত স্পেইনৰ প্ৰধানমন্ত্ৰীঃ মুম্বাইত দীপাৱলী উদযাপন...

Press Club of India Mahesh Langa