/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cc7954e5-ae96-4e84-8d03-2ddee5bb86f5/balipara.jpg)
চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই জয় শ্ৰীৰাম ধ্বনি দিয়াক কেন্দ্ৰ কৰি খেলমাটিৰ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
ডিজিটেল সংবাদ বালিপৰাঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ নিকটৱৰ্তী খেলমাটিৰ এখন ব্যক্তিগতখণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত চতুৰ্থশ্ৰেণীৰ ছাত্ৰই জয় শ্ৰীৰাম ধ্বনি দিয়াক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনে জয় শ্ৰীৰাম ধ্বনি দিয়াৰ বাবে শিক্ষকে শাস্তি প্ৰদান কৰে।
এই ঘটনা সন্দৰ্ভত ছাত্ৰজনে অভিভাৱকক অৱগত কৰাৰ পাছতে অভিভাৱক আৰু একাংশ স্থানীয় দল, সংগঠনৰ নেতৃত্ব বিদ্যালয়খনত উপস্থিত হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে। বিদ্যালয়খনত তেওঁলোক উপস্থিত হৈ শিক্ষকসকলক জবাবদিহিও কৰে।
ইয়াৰ মাজতে বিদ্যালয়খনত উপস্থিত হয় স্থানীয় চাৰিদুৱাৰ আৰক্ষী আৰু বালিপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকী। ইয়াৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই এনে পৰিস্থিতি ভৱিষ্যতে সূচনা নহয় বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিত সাম কাটে।
Also Read: দুৰ্ঘটনা নহয়, মানস চলিহাই হত্যা কৰিছিল সিদ্ধাৰ্থ বৰগোঁহাইক ! সন্দেহ পিতৃ-মাতৃৰ...