/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fa5b3801-e879-4481-8a42-a74cd22528ce/AP_FOR_WEB_chaliha_.jpg)
দুৰ্ঘটনা নহয়, মানস চলিহাই হত্যা কৰিছিল সিদ্ধাৰ্থ বৰগোঁহাই ! সন্দেহ পিতৃ-মাতৃৰ...
ডিজিটেল সংবাদ ধেমাজিঃ এটাৰ পাছত এটাকৈ পোহৰলৈ আহিছে মানস চলিহাৰ প্ৰৱঞ্চনাৰ কাহিনী। কেৱল সেয়াই নহয়, বহু ৰূপী, বহু বিতৰ্কিত মানস চহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰো অভিযোগ।
উল্লেখ্য যে, নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ আটক হোৱা মানস বৰগোঁহাইৰ ভিডিঅ' সংগঠনটোৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্য। চৰ্চালৈ আহিছিল মানস চলিহাৰ এটাৰ পাছত এটাকৈ প্ৰৱঞ্চনাৰ কাহিনী।
বিশেষকৈ আলু, পিঁয়াজৰ ব্যৱসায়ৰ নামত প্ৰৱঞ্চনাৰ জাল পেলোৱা মানস চলিহাৰ বিৰুদ্ধে ২০২৩ তে ৰুজু হৈ থকা গোচৰৰ বিষয়েও পোহৰলৈ আহিছিল। শেহতীয়াকৈ পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা মানস চলিহাক অসম আৰক্ষীয়ে গুৱাহাটীলৈ অনাৰ পাছতে এতিয়া পুনৰ উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ।
প্ৰায় এটা বছৰৰ পূৰ্বে পথ দুৰ্ঘটনাত নিহত হোৱা প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোঁহাইক হত্যাৰ অভিযোগ উত্থাপন হৈছে মানস চলিহাৰ বিৰুদ্ধে। মানসৰ পিতৃ-মাতৃয়ে সংবাদ মাধ্য়মৰ আগত দিয়া ভাষ্য অনুসৰি সিদ্ধাৰ্থ বৰগোঁহাইৰ পৰা বৃহৎ পৰিমাণৰ ধন প্ৰৱঞ্চনাৰে লুটিছিল মানস চলিহাই ৷
২০২৩ ৰ ৩ জানুৱাৰীৰ পুৱতি নিশা লখিমপুৰ জিলাৰ ভোগপুৰত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা সিদ্ধাৰ্থ বৰগোঁহাইৰ পৰা মানস চলিহাই আলু, পিঁয়াজৰ হলচেল ব্যৱসায়ৰ বাবে ত্ৰিশৰ পৰা চল্লিশ লাখ টকা লৈছিল। সেই ধন সিদ্ধাৰ্থক ঘূৰাই নিদিলে। কেৱল সেয়াই নহয়, সেই ধনৰ বাবেই সিদ্ধাৰ্থ হত্যাৰ বলি হ'ল বুলিও সন্দেহ সিদ্ধাৰ্থৰ পিতৃ-মাতৃৰ।
Also Read: ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ