/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/95e23984-77cf-4d1a-ae76-cb4d05040e95/52.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুটিৰ খেৰগলা গাঁৱৰ বাসিন্দা কেশৱ কাৰ্কিয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়। ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰজনৰ ফলাফল অনুসৰি তেওঁ ৬ টা বিষয়ত লেটাৰ লৈ ৯২.৬% শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
অতি ভিতৰুৱা অঞ্চল খেৰগলা গাঁৱৰ বাসিন্দা গংগা বাহাদুৰ কাৰ্কি আৰু অঞ্জনা দেবীৰ সু পুত্ৰ কেশৱ কাৰ্কিয়ে নেপালী বিষয়ত ৯৬ নম্বৰ লাভ কৰি অসমৰ ভিতৰত শ্ৰেষ্ঠতাৰ চূড়ান্ত সন্মান লাভ কৰিবলৈ সক্ষম হয়। পুত্ৰক ফলাফলত পিতৃ মাতৃ ও পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে৷
মেধাবী ছাত্ৰ কেশৱ কাৰ্কিৰ এই সফলতাৰ বাবে অঞ্চলবাসীৰ লগতে গোৰ্খা ছাত্ৰ সন্থাই ছাত্ৰ জনক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
Also Read: কল খালে কি পাব সুফল ..