কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমিয়া বেহা। কলিয়াবৰৰ আমবাগানান-ৰূপহী পথত দেওবাৰে স্থানীয় ৰাইজে চোৰাং কাঠভৰ্তি দুখনকৈ বাহন জব্দ কৰা ঘটনাই প্ৰমাণ কৰিলে ৰাজ্যত চোৰাং কাঠৰ বেহা অব্যাহত থকাৰ কথা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপবৰ্তী বনাঞ্চল ধ্বংস কৰি নিতৌ চোৰাং কাঠৰ সৰবৰাহ হোৱা ঘটনাই প্ৰমাণ কৰিলে বন বিভাগৰ লগতে নগাঁও আৰক্ষীৰ ফোপোলা স্বৰূপ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহৰৰ বনাঞ্চলিক কাৰ্যালয়ৰ লগতে জখলাবন্ধা আৰু আমবাগান আৰক্ষী চকীৰ সন্মুখৰে নিতৌ চোৰাং কাঠৰ সৰবৰাহ হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলকো। এ এছ ০৩ চি চি ৩৬০৮ আৰু এ এছ ০২ ডি চি ১৭০৫ নম্বৰৰ দুয়োখন বাহন স্থানীয় ৰাইজে জব্দ কৰাৰ খবৰ স্থানীয় আৰক্ষী চকীত খবৰ দিয়া হৈছিল যদিও আৰক্ষী উপস্থিত হোৱা নাছিল বুলিও অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে শিলঘাট বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ কাঠ ভৰ্তি বাহন দুখন জব্দ কৰি শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়। ৰাজনৈতিক ক্ষমতাৰে প্ৰভাৱশালী কুঠৰীৰ এটা চোৰাং ব্যৱসায়ী চক্ৰই চোৰাং কাঠসমূহ নগাঁৱৰ জুৰিয়ালৈ সৰবৰাহ কৰা বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। জব্দ কৰা কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক টকাৰ হ'ব বুলি ব্যক্ত কৰিছে বন বিভাগে।

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ
কামপুৰত ভূমি বিবাদ কেন্দ্ৰিক সংঘৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in