কামপুৰত ভূমি বিবাদ কেন্দ্ৰিক সংঘৰ্ষ

কামপুৰত ভূমি বিবাদ কেন্দ্ৰিক সংঘৰ্ষ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ থানাৰ অন্তৰ্গত দোমাইহাগীত ভূমিবিবাদক কেন্দ্ৰ কৰি এক ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। দুটা ফৈদৰ মাজত ভয়ঙ্কৰ সংৰ্ঘষত এজন লোকৰ বাসগৃহৰ লগতে খেৰৰ মেজিত অগ্নি সংযোগ কৰে। উক্ত ঘটনাটোত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হয়।

অভিযোগ অনুসৰি প্ৰায় ৬০-৭০ জনীয়া এটি দলে আক্ৰমণ কৰে নুৰ হুছেইন নামৰ লোকজনৰ পৰিয়ালটোক। দলটোৱে নুৰ হুছেইনৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে এটা খেৰৰ মেজি জ্বলাই দিয়ে।

জানিব পৰা মতে এডোখৰ মাটিক কেন্দ্ৰ কৰি দুয়োটা পক্ষৰ মাজত বিবাদ চলি আহিছিল। এই আক্ৰমণত নুৰ হুছেইনৰ লগতে মোজ্জামিল হুছেইন আৰু ওমৰ ফাৰুক আল ফুজা খাতুন আহত হৈ চিকিৎসাধীন অৱস্থাত আছে। ইতিমধ্যে নুৰ হুছেইনে ইছমাইল হুছেইন, তইবুৰ ৰহমান, মহিবুৰ আলি, চইদুৰ ৰহমানকে ধৰি কেইবাজনৰ ওপৰত কামপুৰ থানাত গোচৰ তৰিছে।

কামপুৰত ভূমি বিবাদ কেন্দ্ৰিক সংঘৰ্ষ
কপিলী নদীত সন্ধানহীন দুই ভাতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in