জামুগুৰিহাটত প্ৰবীন শিল্পী জ্যোতি হাজৰিকাক সম্বৰ্দ্ধনা

অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক জামুগুৰিহাটৰ শলগুৰি গাওঁৰ জ্যোতি হাজৰিকাক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে অঞ্চলটোৰ বিভিন্ন দল, সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত প্ৰবীন শিল্পী জ্যোতি হাজৰিকাক সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক জামুগুৰিহাটৰ শলগুৰি গাওঁৰ জ্যোতি হাজৰিকাক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে অঞ্চলটোৰ বিভিন্ন দল, সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে ৷ শলগুৰি গাওঁ নিবাসী প্ৰবীন চিত্ৰ শিল্পী জ্যোতি হাজৰিকাৰ বাসগৃহত অনুষ্ঠিত এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে ৷

Advertisment

শলগুৰি গাওঁবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত সভাত প্ৰবীন শিল্পী গৰাকীক শলগুৰি গাওঁ উন্নয়ন সমিতি, বাৰেচহৰীয়া ভাওনা উদযাপন সমিতি,বাপুজী ভৱন নাট্য সমাজ,সুন্দৰম সাংস্কৃতিক গোষ্ঠী,শ্যামলী লেখিকা সমিতিকে ধৰি কুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান দল সংগঠন ব্যক্তি বিশেষে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সভাত চিত্ৰ শিল্পী জ্যোতি হাজৰিকাৰ কৰ্মৰাজীৰ গুণানুকীৰ্তন কৰে অৱসৰী অধ্যাপক জনাৰ্দন ভূঞাঁ,প্ৰবীন নাট্য শিল্পী শৈলেন বৰকটকী,বিশিষ্ট সাংবাদিক তথা সংগীত শিল্পী বিদ্যুৎ ভূঞা, প্ৰাণ বৰঠাকুৰ, জ্যোতি ভট্ৰাচাৰ্যকে ধৰি বিভিন্নজনে ৷ অবসৰী শিক্ষক, সাহিত্যিক নাৰায়ণ শইকীয়া আৰু প্ৰমোদ শইকীয়াই আঁতধৰা সভাখনিত দুটি কবিতাৰে চিত্ৰ শিল্পী জ্যোতি হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে লোক সংগীত শিল্পী কৰবী শইকীয়া আৰু ষড়ানন দেবনাথে ৷ শলগুৰি নিৱাসী গৌৰী হাজৰিকাই এটি ঘোষাৰে আৰম্ভ কৰা সভাখনিত অঞ্চলটিৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

Also Read: কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন

jamugurihaat