/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1f5c4271-0aaf-43b7-a6c5-9544c3cba6b1/208.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰত বিৰাজমান হৈছে এক উদূলি-মূদূলি পৰিবেশ। শুকুৰবাৰৰ পৰা ৰঙিয়াৰ মৰণজানাৰ হাতীখলা পথাৰৰ শঙ্কৰদেৱৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন ৷
এই অধিৱেশনস্থলী হাতীখলা পথাৰত বৃহস্পতিবাৰৰ পুৱাৰে পৰা দূৰ-দূৰণিৰ আই মাতৃ বাপ,ভকত বৈষ্ণৱ আহি শিবিৰৰ ভৰি পৰিছে। কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াৰ মৰণজানাৰ সমীপৰ হাতীখলা পথাৰত অনুস্থিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ এক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান সংঘৰ ৯৩ সংখ্যক অধিৱেশন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c923aa80-6cbd-4209-b476-9543e9663e02/d1a9a72e_e1ba_457b_b042_7a32502c3f1c.jpg)
ইতিমধ্যেই অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনত লক্ষ লক্ষ ভক্তৰ সমাগম লক্ষ্যৰে সকলো যাৱতীয়া ব্যৱস্থা সাজু হৈ উঠিছে । লগতে দূৰ দূৰণিৰ পৰা আহিব লগা ভকত ৱৈষ্ণবক আদৰিবলৈ আদৰণি সমিতি সাজু হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/30ad2d46-ac77-4333-baea-6c33408aa13f/8b75b4f8_ea7c_419a_af54_e9cb1852aead.jpg)
অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খনকৈ শক্তিশালী উপ সমিতিয়ে দিনে- নিশাই কাম-কাজৰ বুজ লৈছে । ইফালে অধিৱেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰীতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4846855d-4546-4da6-853e-9600fc7304bb/8eea3a3e_2260_46cc_b9e5_9e93c88d9709.jpg)
একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷ আজি হাতীখলা পথাৰত বিভিন্ন প্ৰান্তৰ পৰা আগমন আই মাতৃ বাপ ভকত বৈষ্ণৱসকল উপস্থিত হৈছে । নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/37c5dbfd-df8d-4597-a630-b3607cc1f79e/2af69d4a_6a33_4ed7_82d6_341f8ce764c7.jpg)
অভিমন্যুৰ চক্ৰবেহুৰ ভেদ চাবলৈ ইতিমধ্যে প্ৰদৰ্শনী মেলাত সন্ধিয়া সময়ত দৰ্শকৰ ভিৰ দি বাট নোপোৱা অৱস্থা পৰিলক্ষিত হয় । মুঠৰ ওপৰত লোকে লোকাৰণ্যৰে জনসমুদ্ৰত পৰিগণিত দিশে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰ ।
Also Read: নলবাৰীত মহিলাৰ স্বাৱলম্বীতাৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি