গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদৌ অসম সাংবাদিক সন্থাৰ...

গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদৌ অসম সাংবাদিক সন্থাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, গহপুৰ : সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ গহপুৰ মহকুমা সমিতিৰ তৰফৰ পৰা গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে অভিনন্দন জনোৱা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৩ বৰ্ষৰ ঘোষিত ফলাফলত শীৰ্ষ অষ্টম স্থান দখল কৰি গহপুৰৰলৈ গৌৰৱ কঢ়িয়াই অনা গহপুৰ মহকুমাৰ দুই কৃতী ক্ৰমে গহপুৰ নগৰৰ সেউজপাৰৰ পাৰ্থপ্ৰতিম ভূঞা আৰু কলাবাৰী কলিতাগাঁৱৰ ষড়ংগনা ভূঞাক অভিনন্দন জ্ঞাপন কৰা হয়।

সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত কৃতী দুয়োগৰাকীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। লগতে দুয়োকে একোখনকৈ অভিনন্দন পত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে সাংবাদিক সংগঠনটোৱে।

গহপুৰৰ দুই কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন সদৌ অসম সাংবাদিক সন্থাৰ...
ড্ৰাগছৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in